টিংখাং,২২ মাৰ্চ: জীৱনটো ভালদৰে উপভোগ কৰিবলৈ নাপাওঁতেই চিৰবিদায় মাগিলে ডিব্ৰুগড়ৰ টিংখাঙৰ ৰাজগড়ৰ যুৱ ব্যৱসায়ী আকাশ কালোৱাৰে । আকাশ কালোৱাৰ ওৰফে টিংকু ৰাজগড় তেল ডিপোৰ সমীপৰ বাসিন্দা অনুপ কালোৱাৰ আৰু মীৰা কালোৱাৰ জ্যেষ্ঠ পুত্ৰ ।
শনিবাৰে হঠাৎ অসুস্থ হৈ পৰিছিল আকাশ । চিকিৎসাৰ বাবে তেওঁক ডিব্ৰুগড়লৈ লৈ যোৱা হয় যদিও দেওবাৰে নিশা চিকিৎসালতে যুৱকজনে মৃত্যুক সাৱটি লয় । শান্ত স্বভাৱৰ যুৱ ব্যৱসায়ী টিংকুৰ অকাল মৃত্যুৰ খবৰে ৰাজগড়বাসীক মৰ্মাহত কৰি তুলিছে । সোমবাৰে ৰাজগড়ৰ সমীপৰ ৰঙাবননীস্থিত শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩০ বছৰ ।
লগতে পঢ়ক: জনীয়াত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন