ETV Bharat / state

ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে ডিব্ৰুগড়ত মহিলাৰ বাইক ৰেলী - Women bike rally

পথ সজাগতাৰ বাবে ডিব্ৰুগড় জিলা পৰিবহন বিভাগে গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ । ৩২ সংখ্যক পথ সুৰক্ষা সজাগতা মাহ উপলক্ষে ডিব্ৰুগড়ৰ ৰাজপথত মহিলাৰ মটৰ চাইকেল ৰেলীৰ জৰিয়তে পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে জিলা প্ৰশাসনে ।

women-bike-rally-for-road-safety-awareness
ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে ডিব্ৰুগড়ত মহিলাৰ বাইক ৰেলী
author img

By

Published : Feb 2, 2021, 10:26 PM IST

মৰাণ, 2 ফেব্ৰুৱাৰী : পথ সজাগতাৰ বাবে ডিব্ৰুগড় জিলা পৰিবহন বিভাগে গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ । মহিলা সকলেই ৰাজপথত পথ দুৰ্ঘটনাৰ সংখ্যা কম কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পাৰে । নিজৰ সন্তান বা নিজৰ স্বামীয়ে দুচকীয়া বা চাৰি চকীয়া বাহন লৈ ৰাজপথত উলালে যানবাহন আইন ভালদৰে মানি চলাৰ বাবে বাধ্য কৰিব পাৰে মহিলা সকলেই । সেয়ে ডিব্ৰুগড়ৰ ৰাজপথত মহিলাৰ মটৰ চাইকেল ৰেলীৰ জৰিয়তে পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে জিলা প্ৰশাসনে ।

ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে ডিব্ৰুগড়ত মহিলাৰ বাইক ৰেলী

৩২ সংখ্যক পথ সুৰক্ষা সজাগতা মাহ উপলক্ষে ডিব্ৰুগড়ৰ মানকটা খেলপথাৰৰ পৰা ডিব্ৰুগড় নগৰৰ মাজেৰে সেউজপুৰ লৈকে উলিওৱা হয় পথ সজাগতাৰ বাবে মহিলাৰ মটৰ চাইকেল ৰেলী । বিশেষকৈ ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈকে মটৰচাইকেল চালক আৰু আৰোহীয়ে হেলমেট পৰিধান কৰা, নিচাযুক্ত দ্ৰব্যৰ পৰিহাৰ কৰা আৰু যান-বাহন আইন মানি চলাৰ বাবে যুৱ প্ৰজন্মক সজাগ কৰাৰ উদ্দেশ্যে ডিব্ৰুগড়তো পৰিবহন বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।

ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক বিজয় প্ৰতীক থৌবেই, জিলা পৰিবহন বিষয়া সঞ্জীৱ হাজৰিকা আৰু যান বাহন আৰক্ষী পৰিদৰ্শক দ্বীপজ্যোতি দাধৰাই শুভাৰম্ভ কৰা মহিলা মটৰচাইকেল ৰেলিত প্ৰায় শতাধিক মহিলাই অংশগ্ৰহণ কৰাৰ লগতে পথ সুৰক্ষাৰ বিভিন্ন শ্ল'গান দিয়ে ।

লগতে পঢ়ক: মিজোৰামত লক্ষাধিক ভাৰতীয় টকা উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.