ETV Bharat / state

কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা ঘৰলৈ আহি থাকোতে মহিলাক দলবদ্ধ ধৰ্ষণ - সাপেখাতী আদৰ্শ চিকিৎসালয়

চৰাইদেউ জিলাৰ বৰহাটত ক'ভিড ৰোগৰ পৰা আৰোগ্য হৈ কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ ৷ দোষীক চিনাক্ত কৰি শাস্তি প্ৰদানৰ দাবী আদিবাসী ছাত্ৰ সন্থাৰ ৷

কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা ঘৰলৈ আহি থাকোতে মহিলাক দলবদ্ধ ধৰ্ষণ

author img

By

Published : May 29, 2021, 5:41 PM IST

মৰাণ, 29 মে’: চুমিলা ৰংহাংপিক ধৰ্ষণ কৰি জ্বলাই দি হত্যা কৰাৰ ঘটনা মাৰ নৌযাওঁতেই চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত ডাঙৰীকুমাৰ গাওঁৰ পানীচুকী গ্ৰাণ্টৰ নগামাটিৰ এটা পৰিয়ালৰ লগত সংঘটিত হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ গাওঁখনৰ জনৈক টিগ্গা উপাধিৰ এটা পৰিয়ালৰ মাক আৰু জীয়েক দুয়োগৰাকী বিগত কিছুদিনৰ পৰা ক’ৰণাত আক্ৰান্ত হৈ ২১ মে তাৰিখৰ পৰা সাপেখাতী আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৷

যোৱা ২৭ মেত কৰ'ণা নেগেটিভ ওলোৱাত মহিলা দুগৰাকীক চিকিৎসালয়খনৰ পৰা অব্যাহতি (Discharge )দিয়া হয় ৷ পৰিয়ালটোৱে জনোৱা মতে দিনৰ প্ৰায় ২:৩০ মান বজাত অব্যাহতি দিয়াত সান্ধ্য আইন চলি থকাৰ ফলত কোনো ধৰণৰ গাড়ী নাপাই মহিলা দুগৰাকীয়ে ঘৰ আহিবলৈ চিকিৎসালয় কৰ্তৃপক্ষক এম্বুলেঞ্চৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ কৰে যদিও চিকিৎসালয় কৰ্তৃপক্ষই গাড়ী ব্যৱস্থা কৰিব নোৱাৰে ৷

কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা ঘৰলৈ আহি থাকোতে মহিলাক দলবদ্ধ ধৰ্ষণ

যাৰ পৰিপেক্ষিতত দুয়োগৰাকী মহিলাই খোজকাঢ়ি গৃহ অভিমুখে প্ৰায় ২০ আহি থাকোতে বৰহাট চাহ বাগিচাৰ ধোদৰ আলীত ৰৈ থকা দুজন যুৱকে মহিলা দুগৰাকীক আগভেটি ধৰে। তাৰে এগৰাকীক মহিলাক জোৰ কৰি বাগিচাৰ ভিতৰলৈ নি যুৱক দুজনে দ’লবদ্ধ ধৰ্ষণ কৰে ৷

আনহাতে, মহিলা গৰাকীৰ লগত অহা ১৮ বছৰীয়া এগৰাকী যুৱতীয়ে পলাই গৈ নিজক বচাবলৈ সক্ষম হয় ৷ ইপিনে যুৱতী গৰাকীয়ে স্থানীয় এখন দোকানত সোমাই সহায় বিচৰাত স্থানীয় গাওঁৰক্ষী বাহিনীয়ে বৰহাট আৰক্ষীক খবৰ দিয়ে ৷ তাৰপিচতে ঘটনাস্থলীত ততাতৈয়াকৈ বৰহাট আৰক্ষী উপস্থিত হোৱাৰ লগতে মহিলা গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও অপৰাধী লম্পট দুটা পলাই যাবলৈ সক্ষম হয় ৷

সম্প্ৰতি স্থানীয় সচেতন লোক সকলে সমগ্ৰ ঘটনোটোৰ সৰ্ন্দভত তদন্তৰ আহ্বান জনাইছে আৰক্ষী প্ৰশাসনক ৷ তাৰ সমান্তলাৰভাৱে সমগ্ৰ বিষয়টোক লৈ আদিবাসী ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিয়ে ক্ষোভ প্ৰকাশ কৰিছে ৷ লগতে স্বাস্থ্য বিভাগে এনেদৰে মহিলা দুগৰাকীক ঘৰলৈ পঠাই দিয়া বিষয়টো সহজ ভাৱে লোৱা নাই ৷ সম্প্ৰতি সংগঠনটোৱে অচিৰেই দোষীক চিনাক্ত কৰি শাস্তি প্ৰদানৰ দাৱী জনাইছে ৷

লগতে পঢ়কঃ নগাঁৱক ড্ৰাগছমুক্ত কৰিবলৈ যিকোনো পন্থা অৱলম্বন কৰিব আনন্দ মিশ্ৰই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.