ETV Bharat / state

Waris Punjab De : দলজিৎ সিং কালচিক বিনা কাৰণত আটক কৰি ৰাখিছে আৰক্ষীয়ে;কালচিৰ পত্নী

author img

By

Published : Apr 21, 2023, 7:24 AM IST

দলজিৎ সিং কালচিৰ লগতে আন সকলক বিনা কাৰণত আটক কৰি ৰাখিছেঃ ডিব্ৰুগড়ত দলজিৎ সিং কালচিৰ পত্নী ৷ প্ৰায় এক ঘন্টা ধৰি সাক্ষাৎ কৰে কাৰাবন্দী স্বামীক (Wife of Daljit Singh Kalchi reaction at Dibrugarh)৷

Etv Bharat
Etv Bharat

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত দলজিৎ সিং কালচিৰ পত্নী

\ডিব্ৰুগড়, 21 এপ্ৰিল : ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী খালিস্তানী নেতা দলজিৎ সিং কালচিক বৃহস্পতিবাৰে সাক্ষাৎ কৰে পত্নী নাৰিন্দৰ কৌৰে । পুত্ৰৰ সৈতে কেন্দ্ৰীয় কাৰাগাৰত প্ৰায় এক ঘন্টা ধৰি সাক্ষাৎ কৰে কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা স্বামীক । ইয়াৰ পিচতে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে দলজিৎ সিং কালচিৰ পত্নী কৌৰে (Khalistani leader Daljit Singh Kalsi)।

সংবাদ মাধ্যমৰ আগত দলজিৎ সিং সম্পূৰ্ণ নিৰ্দোষী বুলিও দাবী কৰে পত্নীয়ে । তেওঁলোকে কোনো ডাঙৰ অপৰাধ কৰা নাছিল বুলি মন্তব্য কৰে খালিস্তানী নেতাগৰাকীৰ পত্নীয়ে । আইনে নিশ্চয় ন্যায় দিব বুলিও আশা প্ৰকাশ কৰে দলজিতৰ পত্নীয়ে । তদুপৰি অমৃতপাল সিঙো কোনো অপৰাধ কৰা নাছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় । মানুহক স‌ংগবদ্ধ আৰু অধিকাৰ বিচাৰি আন্দোলন কৰাই অপৰাধ আছিল নেকি বুলি আক্ষেপ প্ৰকাশ কৰে দলজিৎ সিং কালচিৰ পত্নী কৌৰে (Khalistani leader Daljit Singh Kalsi wife in Dibrugarh)৷

আনহাতে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দীসকল ভালদৰে আছে বুলি জানিবলৈ দি সকলো ধৰণৰ সুবিধা কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত পাবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰিছে । উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত সৰ্বমুঠ ৯ জন খালিস্তান পন্থী নেতাক ৰখা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত । খালিস্তানী নেতাসকলৰ নিৰাপত্তাত অলপো ক্ৰুটি ৰখা নাই বুলি সংবাদ মাধ্যমৰ আগত কয় নাৰিন্দৰ কৌৰে (Waris Punjab De) ৷

উল্লেখ্য যে, এক প্ৰকাৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰাজ আতিথ্যত ডিব্ৰুগড় কাৰাগাৰত সময় পাৰ কৰিছে খালিস্তানী বিচ্ছিনতাবাদী নেতাসকলে । এইসকলৰ নিৰাপত্তাৰ বাবে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বিশেষ ছেল প্ৰস্তুত কৰা হৈছে ৷ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত সেনা- কমাণ্ডোৰ জৰিয়তে পহৰাৰ ব্যৱস্থা কৰা হৈছে (Amritpal Singh singh case update) ।

লগতে পঢ়ক : Narda gam massacre: বিজেপি নেতাসহ নাৰদাকাণ্ডৰ 67 গৰাকী অভিযুক্ত নিৰ্দোষী ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.