ETV Bharat / state

চৰকাৰী ধনৰ অপব্যৱহাৰ : পৰিকল্পনা নোহোৱাকৈ নিৰ্মাণ কৰা বজাৰ গৃহ ধংস

author img

By

Published : Aug 19, 2020, 10:12 AM IST

পানীত পৰিল চতুৰ্দশ বিত্তীয় আয়োগৰ ৩০ লক্ষৰো অধিক টকা ৷ মৰাণত বিভিন্ন দল-সংগঠনৰ লগতে সচেতন ৰাইজৰ প্ৰতিক্ৰিয়া ৷

Waste of Public money in Moran
চৰকাৰী টকাৰে বজাৰ গৃহ নিৰ্মাণৰ পিচতে ভাঙি পেলোৱা হ’ল মৰাণত

মৰাণ, 19 আগষ্টঃ কিছুমান অবিবেচকীয় সিদ্ধান্তৰ বাবেই চৰকাৰী বহু ধন পানীত পেলাব লগীয়া হয় । তেনে এক ঘটনা সংঘটিত হৈছে মৰাণত । মৰাণ দৈনিক বজাৰৰ নিচেই ওচৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিৰ্মাণ কৰা বজাৰ গৃহসমূহত মঙলবাৰে হাতুৰীৰ কোব পৰিছে । কোনো পৰিকল্পনা নোহোৱাকৈ মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে চতুৰ্দশ বিত্তীয় আয়োগৰ মৰাণ সমষ্টিৰ প্ৰায় বিলাক পঞ্চায়তৰ পৰা ২ লাখকৈ টকা সংগ্ৰহ কৰি প্ৰায় ৩০ লক্ষৰো অধিক টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল মৰাণৰ অস্থায়ী বজাৰ গৃহ ।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় ঘাইপথৰ সংৰক্ষিত ভূমিখণ্ডত নিৰ্মাণ কৰা হৈছিল এই বজাৰ গৃহ। সম্প্ৰতি মৰাণ নগৰত প্ৰায় ১৩.৫ কোটি টকা ব্যয়েৰে পদপথ আৰু নলা নিৰ্মাণৰ কাম চলি আছে। ইপিনে ৰাষ্ট্ৰীয় ঘাইপথছোৱাও কিছু বহল কৰা হ'ব । যিহেতু ঘাইপথৰ কাষতে নিৰ্মাণ কৰা হৈছে বজাৰগৃহ সেয়ে ভাঙি পেলোৱা হৈছে বজাৰ গৃহসমূহ । যাক লৈ এতিয়া মৰাণৰ দল-সংগঠনৰ লগতে সচেতন মহল ক্ষোভিত হৈ পৰিছে । নিৰ্মাণৰ পিছত এদিনো ব্যৱহাৰ নকৰাকৈ ৰাইজৰ ধন এনেদৰে অপব্যৱহাৰ কৰা কাৰ্যক ধিক্কাৰ দিছে বিভিন্নজনে ।

মৰাণৰ দল সংগঠনৰ বাধাৰ পিছতো অপৰিকল্পিতভাৱে এনেদৰে বজাৰ গৃহ নিৰ্মাণ কৰি মূলতঃ ৰাইজৰ ধন অপচয় কৰিলে বিধায়জনে । সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহোম জাতীয় গণমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সহঃ সম্পাদক অকণ ভূঞাই কয় যে, আজিৰ তাৰিখত বহু ৰাইজ কষ্টেৰে জীৱন অতিবাহিত কৰিবলগা হৈছে । সেই ৰাইজৰ টকা আনি বজাৰ গৃহ বনাইছে । কাৰ্যত সেয়াও অথলে গ’ল । জনপ্ৰতিনিধি গৰাকীৰ এনেধৰণৰ কাৰ্যক তেওঁ ধিক্কাৰ দিছে । লগতে আগন্তুক দিনত বিধায়কজনক পৰিকল্পনা লৈ আগবাঢ়িবলৈ আহ্বান জনাইছে ।

লগতে পঢ়কঃ অগপৰ জনীয়া সমষ্টিৰ বিধান পৰিষদ কমিটি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.