ডিব্ৰুগড়, 2 মে’: ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ অন্তৰ্গত ভিতৰুৱা এখন বিশেষ গাঁও ৷ গাঁওখনৰ ভৱিষ্যৎ প্ৰজন্মক এক সুস্থ ক্ৰীড়াৰ পৰিৱেশ দিয়াৰ প্ৰচেষ্টা গাঁওবাসীৰ ৷ নাহৰকটীয়াৰ বৰবাম গাঁৱত ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতী সকলৰ বাবে লোৱা হৈছে এই বিশেষ ব্যৱস্থা ৷ কণ কণ ন-শিকাৰু খেলুৱৈ সকলক খেলৰ প্ৰতি উৎসাহিত আৰু আকৰ্ষিত কৰি সু-প্ৰশিক্ষণ প্ৰদানেৰে একোগৰাকীকৈ সফল খেলুৱৈ হিচাপে গঢ় দিয়াৰ মানসেৰে ন কৈ গাঁওখনত সাজি উলিওৱা হৈছে খেলপথাৰ ৷ লগতে কৰা হৈছে ভলীবল প্ৰশিক্ষণৰ ব্যৱস্থা ৷
অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে খেলৰ এক পৰিবেশ সৃষ্টি কৰাৰ লগতে তেওঁলোকক প্ৰশিক্ষণ দি একো একোজন সুদক্ষ খেলুৱৈ গঢ় দিয়াৰ মানসেৰে বৰবাম গাঁৱৰ, ভাৰতীয় সেনা বাহিনীত কৰ্মৰত এজন যুৱকৰ প্ৰচেষ্টাত আৰু নাহৰকটীয়াৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ সহযোগত আৰম্ভ কৰা হৈছে ভলীবলৰ প্ৰশিক্ষণ কেন্দ্ৰ (Volleyball Training Centre at Barbam Gaon) ৷
অঞ্চলটোৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এই ভলীবল প্ৰশিক্ষণত যোগদান কৰিছে ৷ যোগদান কৰা সকলো খেলুৱৈক একোটাকৈ জাৰ্চি প্ৰদান কৰাৰ লগতে আগন্তুক দিনত খেলুৱৈ সকলৰ বাবে লাগতিয়াল সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ লগত জড়িত বিষয়ববীয়া সকলে (Brahmaputra Volleyball League BVL) ৷
বৰবাম গাঁৱৰ ভলীবল প্ৰশিক্ষণৰ উদ্বোধনী অনুষ্ঠানৰ সভাত যোগদান কৰা খেলুৱৈ সকল, সভাত উপস্থিত থকা অভিভাৱক সকল আৰু গাঁৱৰ ৰাইজৰ লগত ভলীবল প্ৰশিক্ষণত জড়িত বিষয়ববীয়া সকলে কি দৰে নৱপ্ৰজন্মক খেলৰ প্ৰতি আকৃষ্ট কৰিব পাৰি তাৰ বিষয়েও সৈতে মত বিনিময় কৰে ৷ এইদৰে উঠি অহা নৱ প্ৰজন্মক খেলৰ প্ৰতি আকৃষ্ট কৰি খেলৰ এক পৰিবেশ সৃষ্টি কৰাৰ লগতে ভৱিষ্যতে অঞ্চলটোৰ পৰা ভাল খেলুৱৈ গঢ় দিয়াৰ লক্ষ্যৰে আগবাঢ়ি আহিছে বৰবাম গাঁৱৰ এইসকল ক্ৰীড়া প্ৰেমীৰ ৷
লগতে পঢ়ক: Jogen Mohan in Dhemaji, মণ্ডলসকলৰ ফাঁকি নচলিব, বদনাম লৈ নহয় সদনাম লৈ জীয়াই থাকক : যোগেন মোহন