ETV Bharat / state

ডিব্ৰুগড়ত অসম সামূহিক নিৰীক্ষণ কাৰ্যসূচীৰ অধীনত গাঁৱে গাঁৱে স্বাস্থ্য পৰীক্ষা - ডিব্ৰুগড়

ডিব্ৰুগড় জিলাত স্বাস্থ্য বিভাগৰ উদ্যোগত অসম সামূহিক নিৰীক্ষণ কাৰ্যসূচীৰ অধীনত সমূহীয়া তদাৰকী গোটৰ দ্বাৰা গাঁৱে গাঁৱে গৈ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে । বুধবাৰৰ পৰা জিলাখনত আৰম্ভ হৈছে এই কাৰ্যসূচী ।

covid
ডিব্ৰুগড়ত গাঁৱে গাঁৱে স্বাস্থ্য পৰীক্ষা
author img

By

Published : Jun 2, 2021, 8:17 PM IST

ডিব্ৰুগড়, ২ জুন : ডিব্ৰুগড় জিলাৰ মুঠ ২৩৪ টা উপকেন্দ্ৰৰ অধীনস্থ ১,৩৬৯ খন গাঁও সামৰি স্বাস্থ্য বিভাগে ক'ভিডৰ সংক্ৰমণ ৰোধৰ বাবে তৃতীয় পর্যায়ৰ অসম সামূহিক নিৰীক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে । সেইমর্মে একোজন চিকিৎসা বিষয়াৰ নেতৃত্বত সামূহিক স্বাস্থ্য বিষয়া, আশাকর্মী, এ এন এম, এম পি ডব্লিউ আদিক লৈ প্ৰতিটো ব্লকতে সামূহিক তদাৰকী গোট গঠন কৰা হৈছে এই গোটত এজন লেবৰেটৰী টেকনিচিয়ানো অন্তৰ্ভূক্ত কৰা হৈছে ।

covid
ডিব্ৰুগড়ত গাঁৱে গাঁৱে স্বাস্থ্য পৰীক্ষা

তাৰোপৰি ৱাৰ্ড মেম্বাৰ, গাঁওবুঢ়া, অংগনবাড়ী কর্মী আদিয়েও গোটসমূহক সহযোগিতা আগবঢ়াব । উল্লেখ্য যে, সামূহিক তদাৰকী গোটে নির্দিষ্ট গাঁওসমূহলৈ যোৱাৰ পূৰ্বে আশাকৰ্মীয়ে ঘৰে ঘৰে গৈ তদাৰকী গোটৰ পৰীক্ষাৰ সন্মুখীন হ'বলগীয়া লোকসকলৰ তালিকা তৈয়াৰ কৰিব । জ্বৰ, কাহ, মেলেৰিয়া, ডায়েৰিয়া, ডেংগী, একিউট এনকেফেলাইটিছ চিনড্রম আদি ৰোগত ভোগা লোকৰ নাম ইয়াত অন্তৰ্ভূক্ত কৰা হ'ব আৰু সামূহিক তদাৰকী গোটে নির্দিষ্ট গাওঁখনত গৈ তেওঁলোকৰ যাৱতীয় পৰীক্ষা কার্য সম্পাদন কৰিব ।

গোটবোৰে ক'ভিড আক্রান্ত ৰোগী তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ লগতো মত বিনিময় কৰিব আৰু বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াব । উল্লেখ্য যে, চিকিৎসা বিষয়াৰ পৰামৰ্শৰ ভিত্তিত গোটত থকা লেবৰেটৰী টেকনিচিয়ানে গাওঁবাসীৰ তেজ, স্বাৱৰ নমুনা সংগ্রহ কৰি পৰীক্ষাৰো ব্যৱস্থা কৰিব । ইফালে এই সমগ্র প্রক্রিয়াত ৰাইজৰ সহযোগিতা কামনা কৰিছে স্বাস্থ্য বিভাগে ।

লগতে পঢ়ক:চিকিৎসক নিগ্ৰহ কাণ্ড : অসম চিকিৎসা মহাবিদ্যালয়তো প্ৰতিবাদৰ জোৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.