ETV Bharat / state

আংশিক লক ডাউন-ধাৰাসাৰ বৰষুণে জুৰুলা কৰিছে পাচলি ব্যৱসায়ীক

author img

By

Published : May 21, 2021, 5:21 PM IST

কেনেকৈ পৰিয়াল চলাব পদপথৰ একাংশ পাচলি বেপাৰীয়ে ? বৰ্তমানৰ ক'ভিড সৃষ্ট পৰিৱেশে স্তব্ধ কৰি তুলিছে ক্ষুদ্ৰ ব্যৱসায়িক ক্ষেত্ৰখন ৷ মৰাণৰ একাংশ ব্যৱসায়ীয়ে গ্ৰাহকৰ অভাৱৰ বাবে পাচলি বিক্ৰী কৰিব পৰা নাই ৷

পাচলি বিক্ৰী কৰিব পৰা নাই মৰাণৰ একাংশ পাচলি বেপৰীয়ে

মৰাণ,21 মে': ক'ভিডৰ ভয়াৱহতাই ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়িক ক্ষেত্ৰখনতো এক অভাৱনীয় পৰিৱেশ সৃষ্টি কৰিছে ৷ প্ৰশাসনে জাৰি কৰা কঠোৰ ক'ভিড প্ৰট'কল মানি চলিবলৈ গৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ দিনৰ 11 বজাৰ পৰা চৰকাৰে বন্ধ ঘোষণা কৰাৰ বাবে ব্যৱসায়িক ক্ষেত্ৰখন একপ্ৰকাৰ স্তব্ধ হৈ পৰা দেখা গৈছে ৷ বিশেষকৈ পুৱাৰ ভাগত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে যদিও গ্ৰাহকৰ অভাৱ পৰিলক্ষিত হৈছে ৷

গ্ৰাহকৰ অভাৱৰ বাবে মৰাণৰ একাংশ পদপথৰ ব্যৱসায়ীয়ে সামগ্ৰী বিক্ৰী কৰিব পৰা নাই ৷ মৰাণ অঞ্চলৰ প্ৰায়ভাগ পাচলি বেপাৰীয়ে পুৱা ঠেলা নতুবা চাইকলেত পাচলি বিক্ৰী কৰিবলৈ ওলাই আহে ৷ কিন্তু ক'ভিডৰ ভয়াৱহতাৰ বাবে বজাৰত পাচলি কিনিবলৈ নাই গ্ৰাহক ।

আংশিক লক ডাউন-ধাৰাসাৰ বৰষুণে জুৰুলা কৰিছে পাচলি ব্যৱসায়ীক

ইফালে, ৰাজ্যখনত কেইবাদিনো ধৰি ধাৰাসাৰ বৰষুণ দি থকাত বিপাঙত পৰিছে পাচলি ব্যৱসায়ীসকল । দুই-এজন গ্ৰাহকে বৰষুণৰ মাজতো বজাৰলৈ আহিছে যদিও পানীৰ দৰত বিক্ৰী কৰিবলগা হৈছে শাক-পাচলি । সমান্তৰালভাৱে দুই-এগৰাকী গ্ৰামাঞ্চলৰ কৃষকে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবৰ বাবে চহৰলৈ গৈছে যদিও গ্ৰাহক নাপাই ১১ বজাৰ লগে লগে ঘৰলৈ উভতিব লগা হৈছে ৷

লগতে পঢ়ক: ক’ভিড পৰিস্থিতি সন্দৰ্ভত কি স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.