ETV Bharat / state

ডিব্ৰুগড়ৰ পৰা প্ৰতিদিনে দেশৰ ভিন্ন স্থানলৈ ৰপ্তানি হ’ব অসমৰ থলুৱা খাদ্য সম্ভাৰ

author img

By

Published : Aug 4, 2021, 8:53 PM IST

ৰাজ্যত উৎপাদিত চাহৰ লগতে কোমল চাউল, বৰা চাউল, ঔটেঙা, কাজি নেমু মাটি কঁঠাল আদি সামগ্ৰী এতিয়াৰে পৰা ৰপ্তানি হ'ব বিদেশলৈ ৷ ৰাজ্যৰ কৃষক সকললৈ ভাল খবৰ আনিছে ডিব্ৰুগড় বিমানবন্দৰ AIRPORT AUTHORITY OF INDIA ই ৷ ডিব্ৰুগড়ৰ পৰা প্ৰতিদিনে চাৰিখন বিমানে ১০ পৰা ১৫ টন অসমত উৎপাদিত সামগ্ৰী লৈ উৰা মাৰিব দেশৰ ভিন্ন স্থানলৈ ৷

AIRPORT AUTHORITY OF INDIA ই সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ কৃষকৰ বাবে

মৰাণ, 4 আগষ্ট : ক’ভিড (Covid) অতিমাৰীয়ে দেশৰ লগতে ৰাজ্যৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ অৰ্থনীতি ক্ৰমাৎ ভাঙি পৰাৰ সময়তে এটা খবৰে আশাৰ বতৰা কঢ়িয়াই আনিছে কৃষক সমাজলৈ ৷ AIRPORT AUTHORITY OF INDIAই কৃষক সকললৈ সুখৰ বতৰা কঢ়িয়াই আনিছে । এতিয়াৰ পৰা নিজৰ উৎপাদিত সামগ্ৰী কৃষক সকলে ডিব্ৰুগড় বিমান বন্দৰৰ পৰা দেশৰ ভিন্ন স্থানলৈ পঠিয়াব পাৰিব ।

এই সুবিধা আগবঢ়াইছে AIRPORT AUTHORITY OF INDIA ই । CARGO বিমানৰ জৰিয়তে ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰৰ পৰা FLYBIG, AIRINDIA, VISTARA, INDIGO এই চাৰিখন বিমানে দেশৰ ভিন্ন স্থানলৈ কঢ়িয়াই নিব থলুৱা খাদ্য সামগ্ৰী । বিশেষকৈ ৰাজ্যত উৎপাদিত চাহৰ লগতে কোমল চাউল, বৰা চাউল, ঔ টেঙা, কাজি নেমু, মাটি কঁঠাল আদি সামগ্ৰী ডিব্ৰুগড়ৰ পৰা প্ৰতিদিনে চাৰিখন বিমানেৰে ১০ ৰ পৰা ১৫ টন লৈ উৰা মাৰিব দেশৰ ভিন্ন স্থানলৈ ।

লগতে পঢ়ক : লণ্ডনৰ বজাৰ দখল কৰিছে অসমৰ নেমুটেঙাই

অসমীয়া জলপান তথা অসমৰ খাদ্য সামগ্ৰী দেশৰ লগতে বিশ্ব ভিন্ন স্থানত চিনাকি কৰাই দিয়াৰ বাবে এইদৰে চেষ্টা কৰিছে AIRPORT AUTHORITY OF INDIA ই । মঙলবাৰে ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত এটি গুৰুত্বপূৰ্ণ অনুষ্ঠান আয়োজন কৰাৰ লগতে কেক কাটি এই সেৱা শুভাৰম্ভ কৰিলে AIRPORT AUTHORITY OF INDIA কৰ্তৃপক্ষই ।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্ৱে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছিল অসমৰ নেমুটেঙা (Lemon)ই ৷ লণ্ডন (London)ত বিশেষ সমাদৰ লাভ কৰিছে চিৰাং জিলাত উৎপাদিত কাজি নেমুৱে ৷ চিৰাং জিলাৰ পাণবাৰী অঞ্চলৰ পৰা প্ৰথমবাৰৰ বাবে লণ্ডনলৈ ৰপ্তানি (Export) কৰা হৈছে শ শ কেজি নেমু ৷

লগতে পঢ়ক : কিমান ভয়ংকৰ হ’ব পাৰে হাতী-মানুহৰ সংঘাত : চাওক ভিডিঅ’

ৰাজ্যৰ কৃষি বিভাগ (Agriculture Department) আৰু পাণবাৰী বডোফা এগ্ৰ’ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী (Bodofa Agro Organic Producer Company Limited)ৰ প্ৰচেষ্টাত বিগত 6 জুলাইত ৰপ্তানি কৰা হৈছে নেমুটেঙাসমূহ ৷ লণ্ডনৰ বজাৰত অসমৰ নেমুৱে বৃহৎ সমাদৰ লাভ কৰাৰ পাচতে পৰৱৰ্তী সপ্তাহৰ ভিতৰত অঞ্চলটোৰ পৰা পুনৰ দুই মেট্ৰিকটন নেমু লণ্ডনলৈ প্ৰেৰণ কৰাৰ বাবে সাজু হৈছে কোম্পানীটো ৷

পাণবাৰী অঞ্চলৰ প্ৰায় 1,500 জন কৃষকক লৈ গঠিত পাণবাৰী বডোফা এগ্ৰ’ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানীটোৱে কৃষিজাত সামগ্ৰীৰ উচিত মূল্যৰ বাবে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ ৷ AIRPORT AUTHORITY OF INDIA ৰ এই পদক্ষেপে স্বাভাৱিকতেই কৃষকক তথা থলুৱা উদ্যোগীসকলক লাভান্বিত কৰিব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক : বকোত শিক্ষা আৰু কৰ্ম জীৱন সম্পৰ্কত সজাগত সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.