ডিব্ৰুগড়, 28 মাৰ্চ: বিগত 24 মাৰ্চৰ পুৱতি নিশা ডিব্ৰুগড়ৰ নিউ মাৰ্কেটত সংঘটিত হৈছিল এক ভয়ংকৰ অগ্নিকাণ্ড(Massive fire at New Town Dibrugarh) ৷ উক্ত অগ্নিকাণ্ডটোৰ ফলত প্ৰায় 20 খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান জাহ গৈছিল জুইত ৷ তদুপৰি 20 কোটিৰো অধিক সা-সম্পত্তি বিনষ্ট হোৱাৰ কথা জানিব পৰা গৈছিল ৷
এই অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত সহায়ৰ উদ্দেশ্যে দেওবাৰে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Union Minister Sarbananda Sonowal at Dibrugarh) ৷ জিলা আৱৰ্ত ভৱনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লয়(Union Minister Sarbananda Sonowal interacts with public) ৷ একেটা মত বিনিময় অনুষ্ঠানত উপস্থিত থাকে বীমা কোম্পানীসমূহৰ বিষয়াসকল ৷ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত যিসকল লোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বীমা কৰা হৈছিল, সেইসকল লোকক শীঘ্ৰে বীমা কোম্পানীৰ ধনসমূহ মোকলাই দিবলৈ সোণোৱালে নিৰ্দেশ প্ৰদান কৰে ৷
এই আলোচনা কালত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ, স্থানীয় ৱাৰ্ড সদস্য উজ্জ্বল ফুকনকে ধৰি ভালে কেইগৰাকী বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷
লগতে চাওক: ডিব্ৰুগড় অগ্নিকাণ্ডৰ ক্ষতিগ্ৰস্তৰ কাষত বিধায়ক প্ৰশান্ত ফুকন