ETV Bharat / state

৩৭ বছৰীয়া সংগ্ৰামৰ অন্তত স্ব-ভূমিত জীৱন মৰাণ - আলফাৰ মেজৰ জেনেৰেল

আলফাৰ মেজৰ জেনেৰেল তথা বিত্ত সম্পাদক জীৱন মৰাণে অৱশেষত জন্মভূমিত পৰ্দাপণ কৰিলে ৷ বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তৰ পৰা বৃহৎ আৰক্ষীৰ কনভয়ৰে ডিব্ৰুগড়লে লৈ অহা হয় জীৱন মৰাণক ৷

৩৭ বছৰীয়া সংগ্ৰামৰ অন্তত স্বভূমিত জীৱন মৰাণ

author img

By

Published : Apr 29, 2021, 8:56 PM IST

ডিব্ৰুগড়, 29 এপ্ৰিল : সুদীর্ঘ ৩৭ বছৰৰ অন্তত জন্মভূমিত পৰ্দাপণ কৰিলে আলফাৰ মেজৰ জেনেৰেল তথা বিত্ত সম্পাদক জীৱন মৰাণে । বৃহস্পতিবাৰে সেনাই ডিব্ৰুগড়ত আৰক্ষীক চমজাই দিলে আলফাৰ জ্যেষ্ঠ নেতা জীৱন মৰাণক । অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তৰ পৰা বৃহৎ আৰক্ষীৰ কনভয়ৰে ডিব্ৰুগড়লে লৈ অহা হয় জীৱন মৰাণক ৷

উল্লেখ্য যে ১৯৮৪ চনত আলফা সংগঠনত যোগদান কৰি কাচিনত প্ৰশিক্ষণ গ্ৰহণ কৰা জীৱন মৰাণ আলফাৰ সামৰিক প্ৰশিক্ষণ গ্ৰহণ কৰা দ্বিতীয় গোটৰ সদস্য আছিল। বিদেশৰ মাটিত অর্থাৎ নগা বসতি প্ৰধান অঞ্চলত অতি জনপ্ৰিয় নেতাজনৰ নাগামিজ, বাংলা আৰু চাইনীজ ভাষাত অবাধ দখল আছে ।

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ওবন গাঁৱত জন্মগ্ৰহণ কৰা জীৱন মৰাণে আলফাত য়োগ দিছিল 1984 চনত ৷ ১৯৯০ চনত লক্ষীপথাৰ শিবিৰত সেনা অভিযানৰ সময়ত টেঙাপানীৰ ৰিজাৰ্ভত থকা জেনেৰেলৰ মুখ্য কাৰ্যালয়ত সেনাধিনায়ক পৰেশ বৰুৱাৰ লগত একেলগে আছিল জীৱন মৰাণ ।

ইয়াৰ পাচতে বৈদেশিক সচিবৰ দায়িত্ব লৈ আলফাৰ সকলো ভ্ৰাম্যমাণ শিবিৰলৈ গৈ ম্যানমাৰৰ গভীৰ অৰণ্যত থিতাপি লৈ কাউন্সিলত বসবাস কৰে জীৱন মৰাণ ওৰফে গুণড ডাঙৰীয়াই । এই কাউন্সিলতে আলফাৰ চেন্ট্ৰেল হেড ক'ৰ স্থাপন কৰে আৰু তেতিয়া পৰাই নেতাজনে শিবিৰ পৰিচালনা কৰাৰ লগতে সদস্য সকলৰ মাজত সাহস আৰু প্ৰেৰণা দি আলফাক নতুন গতি দিছিল । ম্যানমাৰত থকা সময়ত বিদেশী সেনাৰ সৈতেও বহু কেইটা সংঘর্ষত লিপ্ত হৈছিল এইগৰাকী আলফা নেতা ।

তদুপৰি নেতাজনে এসময়ত অবিভক্ত ডিব্ৰুগড় জিলাৰ আলফাৰ সভাপতিৰ দায়িত্বও পালন কৰিছিল । বৃহস্পতিবাৰে স্ব-দেশৰ মাটিত পৰ্দাপন কৰাৰ পাচতেই যথেষ্ট আবেগিক হৈ পৰে প্ৰাক্তন আলফা নেতাজন ।

লগতে পঢ়ক: ক'ভিডে ভাৰতৰ স্বাস্থ্যখণ্ডৰ প্ৰকৃত ছবি পোহৰলৈ আনিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.