ETV Bharat / state

ক’ভিড আক্ৰান্ত কাৰাবন্দী আলফা নেতা জীৱন মৰাণক এএমচিলৈ প্ৰেৰণ

author img

By

Published : May 22, 2021, 9:40 PM IST

ক'ভিডত আক্ৰান্ত হৈ থকা বৰ্ষীয়ান আলফা নেতা জীৱন মৰাণক শুকুৰবাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা স্থানান্তৰিত কৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড ৱাৰ্ডত ভৰ্ত্তি কৰোৱা হৈছে । ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বিগত ১৮ মে'ত তেওঁকে ধৰি ৫২ জন কয়দীৰ সৈতে আলফা নেতা গৰাকীৰ দেহত পোৱা গৈছিল ক’ভিডৰ অৱস্থিতি ৷

A_dib_809to811_Jiwan_Moran_shifted_to_AMCH_AS10043
ক’ভিড আক্ৰান্ত কাৰাবন্দী আলফা নেতা জীৱন মৰাণক এএমচিলৈ প্ৰেৰণ

ডিব্ৰুগড় , 22 মে’: শেহতীয়াকৈ ক'ভিডত আক্ৰান্ত হৈ থকা বৰ্ষীয়ান আলফা নেতা জীৱন মৰাণ ওৰফে গুণড ডাঙৰীয়াক শুকুৰবাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা স্থানান্তৰিত কৰি অসম চিকিৎসা মহাবিদ্যালয় (এএমচি)ৰ ক’ভিড ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে ।

স্মৰ্তব্য যে, বিগত ১৮ মে'ত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত আলফা নেতা জীৱন মৰাণ সহ ৫২ জন কয়দী একেলগে ক'ভিডত আক্ৰান্ত হৈছিল ।

জানিব পৰা মতে, ১৮ মে’ৰ পৰা চিকিৎসা মহাবিদ্যালয়ৰ এটা চিকিৎসকৰ দলে কাৰাগাৰৰ ভিতৰতে আইচলেশ্যনত থকা জীৱন মৰাণ সহ অন্যান্য কয়দী সকলৰ চিকিৎসা চলাই আছিল ।

শেহতীয়াকৈ আলফা নেতাগৰাকীৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটাত উন্নত চিকিৎসা বাবে তেখেতক অসম চিকিৎসা মহাবিদ্যালয়ৰ ক'ভিড ৱাৰ্ডত ভৰ্তি কৰা হয়। উল্লেখযোগ্য যে, ডিব্ৰুগড় আৰক্ষীয়ে ২০১৯ চনতে পঞ্জীভুক্ত হৈ থকা এটা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি তেওঁক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ নিক্ষেপ কৰিছিল ।

উল্লেখ্য যে, ডিব্ৰুগড়ৰ চৌকিডিঙীৰ বিশাল কুমাৰ মিশ্ৰ নামৰ এজন ব্যৱসায়ীক 20 লাখ টকা ধনদাবীৰ সন্দৰ্ভত থকা এক গোচৰৰ ভিত্তিত ৩০ এপ্ৰিলত ভাৰতীয় দণ্ডবিধি আইনৰ 387/ IPC r/w Section 66(D) IT act আৰু অতিৰিক্ত ভাবে 66(F)(I)(a) IT ধাৰাৰ অধীনত 1197/2019 নং গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল বৰ্ষীয়ান আলফা নেতাজনক।

স্মৰ্তব্য যে, প্ৰায় চাৰিটা দশকৰ সুদীৰ্ঘ সময় আলফাত থকা কালচোৱাত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সোঁ-হাত স্বৰূপ জীৱন মৰাণক জীৱনৰ বাকী সময়চোৱাত পৰিয়ালৰ সৈতে কটোৱাৰ বাবে আলফা স্বাধীনৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছিল ।

পৰৱৰ্তী সময়ত, অসম অৰুণাচল সীমান্তৰ পৰা সেনাৰ তত্বাৱধানত অসমলৈ লৈ অনাৰ পাছত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আলফা নেতা গৰাকীক ৷

লগতে পঢ়ক :সোঁ-শৰীৰে স্ব-গৃহলৈ ৰিতুল শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.