ETV Bharat / state

খোৱাঙৰ দুখনকৈ গাঁৱক কণ্টেইনমেণ্ট জ'ন ঘোষণা - covid

খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ খোৱাং বাঁ‌হনি পথাৰ আৰু ন-খাট গাঁৱক ঘোষণা কৰা হ’ল কণ্টেইনমেণ্ট জ'ন হিচাপে । স্বাস্থ্য বিভাগে জানিবলৈ দিয়া মতে দুয়োখন গাঁৱতে ১০ শতাংশতকৈ অধিক লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ যাৰ বাবে দুয়োখন গাঁৱকে প্ৰশাসন আৰু স্বাস্থ্য বিভাগে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰে ।

খোৱাঙৰ দুখনকৈ গাঁৱক কণ্টেইনমেণ্ট জ'ন ঘোষণা

author img

By

Published : May 8, 2021, 12:54 PM IST

মৰাণ,8 মে’: শুকুৰবাৰে খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ দুখনকৈ গাঁৱক ঘোষণা কৰা হ’ল কণ্টেইনমেণ্ট জ'ন হিচাপে ৷ ইয়াৰে এখন গাঁও খোৱাং বাঁ‌হনি পথাৰ আৰু আনখন ন-খাট গাঁও । স্বাস্থ্য বিভাগে জানিবলৈ দিয়া মতে দুয়োখন গাঁৱতে ১০ শতাংশতকৈ অধিক লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ যাৰ বাবে দুয়োখন গাঁৱকে প্ৰশাসন আৰু স্বাস্থ্য বিভাগে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰে ।

উল্লেখ্য যে, দুয়োখন গাঁৱৰ প্ৰৱেশ পথত বাঁহ বান্ধি প্ৰশাসনে কণ্টেইনমেণ্ট জ'নৰ বেনাৰ আঁ‌ৰি দিয়ে আৰু কোনো লোককে এটা সপ্তাহৰ বাবে ঘৰৰ বাহিৰলৈ ওলোৱাত বাধা প্ৰদান কৰে ৷ ক’ভিডত আক্ৰান্ত হৈ মৰাণ ৰাজহ চক্ৰৰ অধীনৰ চিকিৎসালয়সমূহতে ৪ জনকৈ ব্যক্তি মৃত্যু হোৱাৰ লগতে প্ৰায় ৬ শতাধিক লোক ক'ভিডত আক্ৰান্ত হোৱাত প্ৰশাসনে মৰাণ আৰু খোৱাঙত বিশেষ তৎপৰতা গ্ৰহণ কৰিছে ।

খোৱাঙৰ দুখনকৈ গাঁৱক কণ্টেইনমেণ্ট জ'ন ঘোষণা

ইফালে প্ৰশাসন আৰু স্বাস্থ্য বিভাগে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰাৰ পিছতো একাংশ গ্ৰামাঞ্চলৰ লোকৰ গাত কথা লগা নাই । সকলো ক’ভিড প্ৰট'কল ভৰিৰে মোহাৰি দলে দলে বিভক্ত হৈ বহু লোকে মদৰ আড্ডাত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে । প্ৰশাসনক এই কণ্টেইনমেণ্ট জ'নবোৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ সচেতন মহলে আহ্বান জনাইছে ।

লগতে পঢ়ক: ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ তৎপৰ ডিব্ৰুগড় প্ৰশাসন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.