ETV Bharat / state

খোৱাঙত উদ্ধাৰ দুটাকৈ বাঘৰ পোৱালী - খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়

বুধবাৰে ডিব্ৰুগড়ৰ খোৱাঙৰ নদী কাষৰীয়া ঠাইত উদ্ধাৰ দুটাকৈ বাঘৰ পোৱালী ৷ কেইজনমান স্থানীয় যুৱকে বাঘৰ পোৱালী দুটা প্ৰত্যক্ষ কৰাৰ পাচতে উদ্ধাৰ কৰি খোৱাং বন বিভাগক খবৰ দিয়ে ৷

Two tiger cub rescued at Khowang
খোৱাঙত উদ্ধাৰ দুটাকৈ বাঘৰ পোৱালী
author img

By

Published : Jan 6, 2021, 5:29 PM IST

মৰাণ,6 জানুৱাৰী: ডিব্ৰুগড়ৰ খোৱাঙত বাঘৰ আতংকই সৰ্ব সাধাৰণ ৰাইজৰ নিদ্ৰাহৰণ কৰাৰ সময়তে বুধবাৰে উদ্ধাৰ হৈছে দুটাকৈ বাঘৰ পোৱালী । কটকী পুখুৰীৰ কেইজনমান যুৱকে নদী কাষৰীয়া ঠাইত বাঘৰ পোৱালী দুটা প্ৰত্যক্ষ কৰাৰ পাচতে উদ্ধাৰ কৰে ৷ পোৱালী দুটা উদ্ধাৰ কৰি খোৱাং বন বিভাগক খবৰ দিয়ে ৷ কিন্তু বাতৰি সংগ্ৰহ কৰা সময়লৈ বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হোৱা নাই ৷

Two tiger cub rescued at Khowang
খোৱাঙত উদ্ধাৰ দুটাকৈ বাঘৰ পোৱালী

উল্লেখ্য যে, খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনত থকা বৃহত্তৰ খোৱাং অঞ্চলটোত বহু বছৰৰ পৰাই বাঘে কৃষক ৰাইজৰ গৰু-ছাগলী খাই আতংক সৃষ্টি কৰি আহিছে ৷ বিভিন্ন সময়ত বাঘ ধৰিবলৈ পিঞ্জৰা পাতিছে যদিও আজি পৰ্যন্ত বাঘ ধৰিবলৈ সক্ষম হোৱা নাই বন বিভাগে ৷ ফলত গাঁৱৰ ৰাইজে বাঘৰ ভয়ত গধূলিতে ঘৰত সোমাব লগীয়া পৰিবেশৰ সৃষ্টি হৈছে খোৱাঙত ৷

লগতে পঢ়ক: বিলাসীপাৰাত চিকিৎসাৰ অভাৱত কিশোৰীৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.