মৰাণ, ২ জুন: ক'ভিড-১৯ৰ সংহাৰ অব্যাহত থকাৰ মাজতে ডিব্ৰুগড়ৰ নাহৰকটীয়াত এক শোকাৱহ ঘটনা সংঘটিত হয় । নাহৰকটীয়াৰ গেঠুপথাৰ গাঁৱত বুঢ়ীদিহিং নৈত দুজন যুৱকৰ সলিল সমাধি ঘটে । নৈত গা ধুবলৈ গৈছিল যুৱক দুজন ।

মৃত যুৱক দুজন ক্ৰমে গেঠুপথাৰ গাঁও নিবাসী বলোৰাম মানকিৰ পুত্ৰ বিকাশ মানকি আৰু ৰাজগড় শুকানী গাঁও নিবাসী হাৰীয়া উৰাঙৰ পুত্ৰ ৰাজেন ওৰাং । সম্প্ৰতি গাঁওবাসীৰ সহযোগত নাহৰকটীয়া আৰক্ষীয়ে যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক:যুৱ সাংবাদিক দিগন্ত ভূঞাৰ অকাল বিয়োগ