ডিব্ৰুগড়, 22 নৱেম্বৰঃ মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ বাহনত আক্ৰমণ কৰা দুই অভিযুক্ত গ্ৰেপ্তাৰ ৷ শুকুৰবাৰে মৰাণহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডোমৰ দলং গাঁও নিবাসী দেৱকান্ত চুতীয়াৰ পুত্ৰ উজ্জল চুতীয়া আৰু একে গাঁৱৰে প্ৰয়াত অনিল চুতীয়াৰ পুত্ৰ ক্ষীৰোদ চুতীয়াক ৷ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে মৰাণহাট আৰক্ষীয়ে ৷ উল্লেখযোগ্য যে, বিগত ১৯ নৱেম্বৰত বিধায়কগৰাকী ডিব্ৰুগড়ৰ লেঙেৰীৰ জন্মগৃহৰ পৰা মৰাণ কুশল নগৰৰ বাসগৃহলৈ মৰাণ-নাহৰকটীয়া গড়কাপ্তানী পথেৰে আহি থকা অৱস্থাত নিশা প্ৰায় ৮-৩০ বজাত মৰাণ ডোমৰ দলং গাঁৱত অচিনাক্ত দুৰ্বৃত্তই শিল দলিয়াই আক্ৰমণ কৰাৰ ফলত বিধায়ক গৰাকীৰ AS-01DF-2629 নম্বৰৰ বগা ৰঙৰ স্কৰপিঅ' গাড়ীখনৰ এখন আইনা ভাঙে ৷ বিধায়কগৰাকীয়ে মৰাণহাট আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পাচত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ১৩০/১৯ নং গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ড বিধিৰ ৪৪০/৩২৫/৩৯৯ ধাৰাত দুই আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰে ৷ ঘটনাৰ সন্দৰ্ভত বিধায়ক চক্ৰধৰ গগৈয়ে দুৰ্বৃত্তক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনোৱাৰ লগতে অঞ্চলটোত ভৱিষ্যতে দুৰ্বৃত্তই যাতে এনে ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিবলৈ আৰক্ষীক পৰামৰ্শ আগবঢ়ায় ৷
আৰু পঢ়কঃ-বঙাইগাঁৱত ডিটেনশ্যন কেম্পৰ পৰা মুক্তি সাতজন ব্যক্তিক