ETV Bharat / state

পৰ্যটকৰ সোঁত বৈছে ঐতিহাসিক দেওশালি পাহাৰলৈ

টিপাম আছিল ঐতিহাসিক আহোম সাম্ৰাজ্যৰ প্ৰথমখন অস্থায়ী ৰাজধানী ৷ এই টিপাম পাহাৰৰ বুকুৰ পৰাই আহোমসকলে আহোমসকলে আৰম্ভ কৰিছিল প্ৰশাসনিক কাম-কাজ ৷ 1228 খ্ৰীষ্টাব্দত পাটকাই পৰ্বতৰ দিশেৰে আহি এই ঠাইত উপস্থিত হৈ স্বৰ্গদেউ চুকাফাই অসমৰ সেউজী পৰিৱেশ, ধাননি পথাৰৰ সৌন্দৰ্য দেখি মুগ্ধ হৈ পৰে ৷ অসমৰ ভূমিক আপোন কৰাৰ সপোন মেলি ক্ৰমান্বয়ে বৰভেটিৰ পাতনি মেলে স্বৰ্গদেউ চাওলুং চুকাফাই ৷

Tourist place tipam deusali hill dibrugarh assam etv bharat news
আহোমৰ প্ৰথম অস্থায়ী ৰাজধানী টিপামৰ সৌন্দৰ্য
author img

By

Published : Sep 14, 2020, 10:05 PM IST

Updated : Sep 15, 2020, 3:18 PM IST

ডিব্ৰুগড়,14 ছেপ্তেম্বৰ: এখন সু-উচ্চ পাহাৰ আৰু অপৰিসীম সৌন্দৰ্যৰ বাহাৰ ৷ পাহাৰখনৰ পৰা উপভোগ কৰিব পাৰি প্ৰকৃতিৰ অপৰিসীম সৌন্দৰ্য ৷ পাহাৰখনলৈ যোৱাৰ পৰত আপোনাক আদৰণি জনাবলৈ ৰৈ আছে এখনি সেউজীয়া দলিচা সদৃশ বিশাল চাহ বাগিচাই ৷ পাহাৰখনৰ চূড়াত আছে এটা ঐতিহাসিক টিলা ৷ এয়া আন নহয় স্বৰ্গদেউ চাওলুং চুকাফাই পাটকাই পৰ্বত বগাই অসমত প্ৰৱেশ কৰি প্ৰথম খোজ থোৱা ঐতিহাসিক টিপাম দেওশালি পাহাৰ ৷

টিপাম আছিল ঐতিহাসিক আহোম সাম্ৰাজ্যৰ প্ৰথমখন অস্থায়ী ৰাজধানী ৷ এই টিপাম পাহাৰৰ বুকুৰ পৰাই আহোমসকলে আহোমসকলে আৰম্ভ কৰিছিল প্ৰশাসনিক কাম-কাজ ৷ 1228 খ্ৰীষ্টাব্দত পাটকাই পৰ্বতৰ দিশেৰে আহি এই ঠাইত উপস্থিত হৈ স্বৰ্গদেউ চুকাফাই অসমৰ সেউজী পৰিৱেশ, ধাননি পথাৰৰ সৌন্দৰ্য দেখি মুগ্ধ হৈ পৰে ৷ অসমৰ ভূমিক আপোন কৰাৰ সপোন মেলি ক্ৰমান্বয়ে বৰভেটিৰ পাতনি মেলে স্বৰ্গদেউ চাওলুং চুকাফাই ৷

আহোমৰ প্ৰথম অস্থায়ী ৰাজধানী টিপামৰ সৌন্দৰ্য

অৱশ্যে দেশ-বিদেশৰ পৰ্যটকৰ আগমনৰ সম্ভাৱনাথলীলৈ পৰিৱৰ্তিত এই ঐতিহাসিক টিপাম দেওশালি পাহাৰক চাহ বাগিচা কৰ্তৃপক্ষ আৰু চৰকাৰে বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত নহ’ল ৷ ইয়াৰ মাজতে আহোম জনগোষ্ঠীয় সংগঠন টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাই পৰ্যটকৰ সুবিধাৰ বাবে গ্ৰহণ কৰিছে কিছু আঁচনি ৷ স্বৰ্গদেওৱে গঢ়া টাই আহোমৰ উপাসনাস্থলী চাও চেং ৰণৰো প্ৰতিষ্ঠা কৰা হৈছে এই পাহাৰতে ৷ যি এতিয়া অন্য এক আকৰ্ষণৰস্থলী ৷ সেয়ে পাহাৰখনৰ সৌন্দৰ্য বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰ পৰা সহযোগিতা আহ্বান কৰিছে টাইপাৰ নেতৃবৰ্গই ৷

লগতে চাওকঃ ৰাজ্যত আত্মপ্ৰকাশ নৱতম ৰাজনৈতিক দলৰ

Last Updated : Sep 15, 2020, 3:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.