মৰাণ,২০ মে': কৰ’ণাৰ দ্বিতীয় ঢৌত ব্যাপকভাৱে আক্ৰান্ত হৈছে ৰাজ্যবাসী ৷ কামৰূপ জিলাৰ পাছতেই আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছে ডিব্ৰুগড় জিলাত ৷ জিলাখনৰ খোৱাং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত বুধবাৰৰ দিনটোতে ৭৭ জন লোকৰ দেহত ক'ভিড ভাইৰাছ ধৰা পৰে । তাৰে খোৱাং স্বাস্থ্য কেন্দ্ৰৰ ৭৪ জন, ৩ জন চৰাইদেউ জিলাৰ বাসিন্দা ।
খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বুধবাৰলৈকে মুঠ ১,৩৭০ গৰাকীলৈ ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পায় । পুনৰ বুধবাৰে চেপন চাহ বাগিচাত ১৫ জন আৰু ডোমৰ দলং চাহ বাগিচাত ১৬ জন লোকৰ দেহত ক'ভিড ভাইৰাছ ধৰা পৰাত সম্প্ৰতি বাগিচাত আতংকৰ সৃষ্টি হৈছে । ক'ভিড আক্ৰান্তসকলক চাহ বাগিচাৰ আইচ’লেচন ৱাৰ্ডত ৰখা হৈছে ৷ বাকীসকলক ৰখা হৈছে হোম আইচ’লেচনত ।
চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত বুধবাৰে ৭ জন লোকৰ দেহত ক'ভিড ভাইৰাছ ধৰা পৰিছে । পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ৩২৬ জন লোকৰ দেহত ক'ভিড ভাইৰাছ ধৰা পৰিছে । চিকিৎসকসকলে জানিবলৈ দিয়া মতে আক্ৰান্তসকলক হোম আইচ’লেচনত ৰখা হৈছে । দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত ১,৬৯৬ জন লোক ক'ভিডত আক্ৰান্ত হৈছে ।
আনহাতে খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ঘোঁৰাগাজ উপ-স্বাস্থ্য কেন্দ্ৰৰ কাঁচিপথাৰ গাঁৱৰ বিনোদ কান্দোলানা (২৩) নামৰ আন এগৰাকী লোক বুধবাৰে ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হয় । উল্লেখ্য যে, ১৩ মে'ৰ দিনা লোকজনৰ দেহত ক'ভিড ভাইৰাছ ধৰা পৰাৰ পিছত হোম আইচ’লেচনত আছিল । ডিব্ৰুগড় চিকিৎসালয়লৈ এম্বুলেঞ্চত নি থকা অৱস্থাত মৃত্যু হয় লোকজনৰ । তদুপৰি মৰাণ বেজৰ চুক বঙালী গাঁৱৰ নিবাসী সাবিত্ৰী কুৰ্মী (৩৫) নামৰ আন এগৰাকী মহিলা বুধবাৰে ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হয় । উল্লেখ্য যে, ১৬ মে'ত মহিলাগৰাকীৰ দেহত ক'ভিড ভাইৰাছ ধৰা পৰাৰ পিছত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় । বৰ্তমানলৈকে বৃহত্তৰ মৰাণ অঞ্চলত ১৯ জন লোক ক'ভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ।