মৰাণ,২৭ মে': ডিব্ৰুগড় জিলাত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা ৷ বুধবাৰৰ দিনটোত জিলাখনৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত ৫১ জন লোকৰ দেহত ধৰা পৰিছে ক'ভিডৰ অৱস্থিতি ।
ইয়াৰে ভিতৰত খোৱাং স্বাস্থ্য কেন্দ্ৰৰ ৪৮ জন, এজন চৰাইদেউ আৰু দুজন নাহৰণি ব্লকৰ নিবাসী । খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত এই পৰ্যন্ত মুঠ ১,৭৪৯ গৰাকীলৈ ক'ভিড ৰোগী বৃদ্ধি পায় । উক্ত ক'ভিড আক্ৰান্তসকলৰ ভিতৰৰ ১৩ জনক মৰাণ নৱোদয় বিদ্যালয়, লেঙেৰী ক'ভিড কেয়াৰ কেন্দ্ৰত ৰখা হৈছে । বাকীকেইজন আক্ৰান্তক হোম আইচ’লেচনত ৰখা হৈছে ।
চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত বুধবাৰে ১০ জন লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে । পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সৰ্বমুঠ ৪২৯ জন লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে । চিকিৎসকসকলে জানিবলৈ দিয়া মতে, আক্ৰান্ত প্ৰায়সকলকে হোম আইচ’লেচনত ৰখা হৈছে । দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ ২,১৭৮ জন লোক ক'ভিডত আক্ৰান্ত হৈছে । বৰ্তমানলৈকে বৃহত্তৰ মৰাণ অঞ্চলত ২২ জন লোক ক'ভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ।
লগতে পঢ়ক: গৰৈমাৰীত ক’ভিড পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ৰেকিবুদ্দিন আহমেদে