ETV Bharat / state

নাহৰকটীয়াৰ নামফাকে বৌদ্ধ বিহাৰত অতিথিশালাৰ অধাৰশিলা স্থাপন - namphake bodhist temple naharkatiya

নাহৰকটীয়াৰ নামফাকে বৌদ্ধ বিহাৰত "অসম দৰ্শন" আঁ‌চনিৰ অধীনত অতিথিশালাৰ অধাৰশিলা স্থাপন । বৌদ্ধবিহাৰৰ বিহাৰাধ্যক্ষ মঠ জ্ঞানপাল ভান্টেৰ মংগলাচৰণেৰে আৰম্ভ কৰা আধাৰশিলা কাৰ্যসূচী ৷

নামফাকে বৌদ্ধ বিহাৰ
TINSUKIA NAMPHAKE VILLAGE GUEST HOUSE FOUNDATION LYING
author img

By

Published : Sep 2, 2020, 4:08 PM IST

Updated : Jan 18, 2023, 1:07 PM IST

নাহৰকটীয়া, ২ চেপ্তেম্বৰঃ বুধবাৰে ডিব্ৰুগড়ৰ নাহৰকটীয়াৰ নামফাকে বৌদ্ধ বিহাৰ"অসম দৰ্শন" আঁ‌চনিৰ অধীনত নিৰ্মাণ কৰিবলগীয়া এটি অতিথিশালাৰ অধাৰশিলা স্থাপন কৰে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই। নাহৰকটীয়াৰ ঐতিহাসিক নামফাকে গাঁৱ‌ত অসম চৰকাৰৰ "অসম দৰ্শন" আঁ‌চনিৰ অধীনত নামফাকে বৌদ্ধবিহাৰ প্ৰাংগণত নিৰ্মাণ কৰিবলগীয়া এটি অতিথিশালাৰ আজি আধাৰশিলা স্থাপন কৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই। এই আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁ‌ৱৰ, নাহৰকটীয়াৰ ৰাজহ চক্ৰ বিষয়া বিক্ৰম ছেত্ৰী, বিশিষ্ট সাংবাদিক বুলন কুমাৰ শইকীয়া।

নামফাকে বৌদ্ধবিহাৰৰ বিহাৰাধ্যক্ষ মঠ জ্ঞানপাল ভান্টেৰ মংগলাচৰণেৰে আৰম্ভ কৰা আধাৰশিলা কাৰ্যসূচীৰ আঁ‌ত ধৰে বিশিষ্ট নিবন্ধকাৰ পেইমথি গোঁ‌হাইয়ে । আনহাতে এই উপলক্ষে আয়োজিত এক চমু সভাৰ আৰম্ভণিতে প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰত ৰত্ন প্ৰণৱ মূখাৰ্জীৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময়ৰ মৌন প্ৰাৰ্থনা কৰে।

এই সভাতে সাংস্কৃতিক ঐতিহ্যৰে চহকী আৰু নৃতত্ত্বৰ দিশতো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত নাহৰকটীয়াৰ নামফাকে গাঁৱৰ উন্নয়নৰ কাৰণে ডিব্ৰুগড় জিলা প্ৰশাসন সদায় সাজু বুলি জিলা উপায়ুক্ত ঝাই নিজৰ বক্তব্যত উল্লেখ কৰে। ইফালে এই অনুষ্ঠানৰ পূৰ্বে উপায়ুক্ত গৰাকীয়ে জয়পুৰস্থিত বন বিভাগৰ পৰিদৰ্শন বঙলাত অনুষ্ঠিত "দিহিং পাটকাই মাল্টিপাৰ্পজ মাৰ্কেটিং" নামৰ আন এক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে।

Last Updated : Jan 18, 2023, 1:07 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.