টিংখাং,4 মাৰ্চ: মহাজোঁটৰ অংশীদাৰ চিপিআইএমএল দলে বৃহস্পতিবাৰে ১১৯ নং টিংখাং বিধানসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়াৰ পৰা সংগ্ৰহ কৰিছে মনোনয়ন পত্র । বিশেষ সূত্র অনুসৰি চিপিআইএমএল দলে কংগ্রেছ দলৰ ওচৰত দাবী জনোৱা সমষ্টিৰ ভিতৰত টিংখাং সমষ্টিও আছে । ইতিমধ্যে দলটোৰ কেন্দ্রীয় সমিতিয়ে দলৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বিতোপন বকলীয়ালক টিকট প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে । কা বিৰোধী আন্দোলনত টিংখাং সমষ্টিত দলৰ সন্মুখত থাকি নেতৃত্ব প্ৰদান কৰিছিল বিতোপন বকলীয়ালে ।
আপোচবিহীন, দীর্ঘ সময় সংগ্ৰামৰ নেতৃত্ব প্ৰদান কৰি সফল কৰা, চাহ শ্রমিকৰ বাবে সংগ্রাম অব্যাহত ৰখা, সমষ্টিৰ ভূমিহীন পট্টাহীন কৃষকৰ বাবে সংগ্রাম কৰি নিৰ্যাতনৰ সন্মুখীন হোৱা, বিজেপি চৰকাৰৰ প্ৰতিটো জনবিৰোধী নীতিৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখা চিপিআই এম এল দলৰ প্ৰতি ৰাইজৰ মাজত যথেষ্ট সমৰ্থন আছে । এজন উদীয়মান , সাহসী ,ষ্পষ্টবাদী ,সংগ্ৰামী আৰু জনপ্রিয় নেতা তথা দলৰ ৰাজ্যিক সমিতিৰ সদস্য বিতোপন বকলীয়ালক টিকট প্ৰদান কৰা ঘটনা যথেষ্ট তাৎপর্যপূর্ণ । চিপিআই এম এল দলৰ উচ্চস্বৰীয় সূত্ৰই জানিবলৈ দিয়া মতে মহাজোটৰ নেতৃত্ব বহন কৰা কংগ্রেছে আসন বুজাবুজিৰ ৰণকৌশলৰ ওপৰত সকলো নিৰ্ভৰ কৰিছে দলটোৰ নেতা বিতোপন বকলীয়ালৰ নিৰ্বাচনী ৰণকৌশল ৷
লগতে পঢ়ক : নাওবৈচাত সমষ্টি ভাগ-বতৰাক কেন্দ্ৰ কৰি প্ৰতিবাদ