টিংখাং, 25 অক্টোবৰঃ শুকুৰবাৰে টিংখাঙৰ ৰাজগড়ত বিত্তীয় প্ৰতিষ্ঠানৰ বিৰূদ্ধে ওলাই আহিল হাজাৰ হাজাৰ মহিলা,বিত্তীয় প্ৰতিষ্ঠানৰ শোষণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ হাজাৰ হাজাৰ মহিলাৰ ৷ পাকঘৰ এৰি ৰণচণ্ডী মূৰ্তি ধাৰণ কৰি বিশাল সমদলেৰে উত্তাল প্ৰতিবাদ মহিলাৰ ৷ ঘেৰাও কৰিলে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়। মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে এনেদৰে উগ্ৰমূৰ্তী ধাৰণ কৰে টিংখাঙৰ বিভিন্ন প্ৰান্তৰ তিনি সহস্ৰাধিক মহিলাই। বিভিন্ন সময়ত মাইক্ৰ ফাইনেন্স কোম্পানীৰ পৰা লোৱা ঋণ আদায় দিব নোৱাৰি সৰ্বস্বান্ত হোৱা মহিলাই ঋণ ৰেহাই দিয়া,বেচৰকাৰী বিত্তীয় প্ৰতিষ্ঠানৰ দাদাগিৰী বন্ধ কৰা আদি বিভিন্ন দাবীত গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী।

উল্লেখযোগ্য যে মাইক্ৰ ফাইনেন্সৰ যোগেদি একাংশ লোক উপকৃত হোৱাৰ বিপৰীতে গ্ৰাম্যাঞ্চলৰ অধিকাংশ মহিলাই এনে প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ সৰ্বস্বান্ত হোৱাৰ লগতে কোনো কোনো ঠাইত বহু ভুক্তভোগী পৰিয়ালে ঘৰ বাৰী এৰি অন্য ঠাইত আত্মগোপন কৰা, আত্মহননৰ পথ বাছি লোৱা দৰে ঘটনা সংঘটিত হৈছে ৷ ৰাজ্যৰ আন ঠাই সমূহৰ দৰে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ বৃহত্তৰ অঞ্চলতো এনে বে-চৰকাৰী বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ হাজাৰ হাজাৰ গ্ৰাহক সৰ্বস্বান্ত হৈ পৰিছে। ঋণ লাভ কৰাৰ মাত্ৰ এসপ্তাহৰ ভিতৰতে অধিক পৰিমাণৰ সুদৰ হাৰত ঋণ আদায় দিবলৈ বাধ্য হোৱাৰ ফলত উপায়বিহীন হৈ মহিলা সকলে নিজৰ কৃষিভূমি,পোহনীয়া জীৱ জন্তু,সোণৰ অলংকাৰ,হাঁহ- কুকুৰা,মূল্যৱান গছ-গছনি আদিকে ধৰি আপুৰুগীয়া সম্পদ এফালৰ পৰা বিক্ৰী কৰি তহিলং কৰিছে। এনে অপৰিকল্পিত বিত্তীয় লেন-দেনৰ ফলত গ্ৰাম্য অৰ্থনীতি একপ্ৰকাৰ থান-বান হ'বলৈ ধৰিছে বুলি অভিযোগ উত্থাপন কৰিছে একাংশ প্ৰতিবাদকাৰীয়ে ৷ গাঁও সমূহত সৃষ্টি হোৱা এনে পৰিৱেশৰ বাবে আদিবাসী ছাত্র সন্থা,কৃষক মুক্তি সংগ্ৰাম সমিতি,তাই আহোম ছাত্ৰ সন্থা আদি বিভিন্ন জাতীয় সংগঠনৰ উদ্যোগত টিংখাঙৰ বিভিন্ন অঞ্চলৰ কেইবা সহস্ৰ মহিলা ওলাই আহি ৰাজগড় যুৰীয়া আই থানৰ পৰা টিংখাং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ এক বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে শুকুৰবাৰে ৷

উত্থাপিত অভিযোগ অনুসৰি ঋণৰ ধন নোপোৱালৈকে বিষয়া কৰ্মচাৰী ঋণগ্ৰস্ত গ্ৰাহকৰ ঘৰৰ পৰা উঠি নাযায় । ধন ঘূৰাই দিব নোৱাৰিলে ঘৰৰ মূল্যৱান সামগ্ৰী লৈ যোৱাৰো অভিযোগ তুলিছে ভুক্তভোগী মহিলাসকলে। কোনো কোনো ভুক্তভোগী মহিলাই ধন ঘূৰাই দিব নোৱাৰি ঘৰ এৰি আত্মগোপন কৰিবলগা হৈছে । ফলত ঋণ লোৱা অধিকাংশ গ্ৰাহকেই বৰ্তমান ভয়ংকৰ সমস্যাৰ গৰাহত পৰা পৰিলক্ষিত হৈছে ।
