ETV Bharat / state

টিংখাঙৰ বজাৰত ক্ৰেতাৰ ৰূপত এজাক মহিলা - ক্ৰেতাৰ ৰূপত এজাক মহিলা

আমি কাম কৰিম,কাম কৰি যাম আগুৱাই। " এই অংগীকাৰ একাংশ মহিলাৰ। শুকুৰবাৰে ৰান্ধনীশাল এৰি টিংখাঙত হিল-দ'ল ভাঙি ওলাই আহিল মহিলাসকল। কিন্তু কিয়, চাওক এই প্ৰতিবেদন..

টিংখাং
author img

By

Published : Sep 20, 2019, 7:55 PM IST

টিংখাং, 20 চেপ্তেম্বৰঃ মহিলা সবলীকৰণ তথা গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ। টিংখাঙত মুকলি হ'ল এখন সাপ্তাহিক মহিলা বজাৰ। যিখন বজাৰত উপলব্ধ হ'ব থলুৱা শাক-পাচলিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটসমূহে তৈয়াৰ কৰি উলিওৱা বিভিন্ন সা-সামগ্ৰী। মহিলাসকলক স্বাৱলম্বিতাৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৌজন্যত,খণ্ড অভিযান পৰিচালনা গোট,টিংখাঙৰ অধীনত টিংখাং গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সমীপত শুকুৰবাৰে শুভাৰম্ভ হয় " নাৰী শক্তি সমন্বয় সাপ্তাহিক মহিলা বজাৰ"ৰ। য'ত ক্ৰেতাৰ ৰূপত দেখা পোৱা গ'ল আত্মসহায়ক গোটৰ মহিলা সকলক।

টিংখাঙৰ বজাৰত ক্ৰেতাৰ ৰূপত এজাক মহিলাc

টিংখাঙৰ বিভিন্ন অঞ্চলৰ প্ৰায় শতাধিক আত্মসহায়ক গোটৰ মহিলা সকলে বিক্ৰীৰ বাবে বজাৰলৈ লৈ আহে নিজে বনোৱা বিভিন্ন প্ৰকাৰৰ সা সামগ্ৰী। তাৰোপৰি মহিলাৰ এই শুকুৰবৰীয়া বজাৰখনত সতেজ শাক পাচলিৰ পৰা আৰম্ভ কৰি পাটৰ কাপোৰ,নিজ হাতে বোৱা গামোচা,পিঠা পনা,মাছ মাংসকে আদি কৰি ৰংচঙীয়া ফুললৈকে সকলো উপলব্ধ হ'ব। বজাৰখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে টিংখাং জিলা পৰিষদৰ সদস্য জগত বকলীয়ালে। উদ্বোধনী অনুষ্ঠানত টিংখাং ৰাজহ চক্ৰ বিষয়া লক্ষজ্যোতি দুৱৰীয়া,খণ্ড প্ৰকল্প পৰিচালক তৰংঙ্গিনী সোনোৱালৰ লগতে টিংখাং উন্নয়ন খণ্ডৰ বিষয়ববীয়া,টিংখাঙৰ বিভিন্ন পঞ্চায়তৰ প্ৰতিনিধি তথা অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Intro:আমি কাম কৰিম, কাম কৰি যাম আগুৱাই। " এইয়া অংগীকাৰ একাংশ মহিলাৰ। শুকুৰবাৰে ৰান্ধনীশাল এৰি টিংখাঙত হিল-দ'ল ভাঙি উলাই আহিল মহিলাসকল। কিন্তু কিয় , চাওক আমাৰ এক প্ৰতিবেদন।
Body:মহিলা সবলিকৰণ তথা গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ। টিংখাঙত মুকলি হ'ল এখন সাপ্তাহিক মহিলা বজাৰ। যিখন বজাৰত উপলব্ধ হ'ব থলুৱা শাক-পাচলিৰ পৰা আৰম্ভ কৰি আত্মসহায় গোটসমূহে তৈয়াৰ কৰি উলিওৱা বিভিন্ন সা-সামগ্ৰী। মহিলাসকলক স্বাৱলম্বিতাৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৌজন্যত , খণ্ড অভিযান পৰিচালনা গোট , টিংখাঙৰ অধীনত টিংখাং গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সমিপত আজি শুভাৰম্ভ হয় " নাৰী শক্তি সমন্বয় সাপ্তাহিক মহিলা বজাৰ " ৰ।
য'ত ক্ৰেতাৰ ৰূপত দেখা পোৱা গ'ল আত্মসহায় গোটৰ মহিলা সকলক। টিংখাঙৰ বিভিন্ন অঞ্চলৰ প্ৰায় শতাধিক আত্মসহায়ক গোটৰ মহিলা সকলে বিক্ৰীৰ বাবে বজাৰলৈ লৈ আহে নিজে নিৰ্মিত বিভিন্ন প্ৰকাৰৰ সা সামগ্ৰী। তাৰোপৰি মহিলাৰ এই শুকুৰবৰীয়া বজাৰখনত সতেজ শাক পাচলিৰ পৰা আৰম্ভ কৰি পাটৰ কাপোৰ, ঘৰুৱা গামোচা, পিঠা পনা, মাছ মাংসকে আদি কৰি ৰঙংচঙীয়া ফুললৈকে সকলো উপলব্ধ হ'ব গ্ৰাহকৰ বাবে।
Conclusion:বজাৰখন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে টিংখাং জিলা পৰিষদৰ সদস্য জগত বকলীয়ালে। উদ্বোধনী অনুষ্ঠানত টিংখাং ৰাজহ চক্ৰ বিষয়া লক্ষজ্যোতি দুৱৰীয়া , খণ্ড প্ৰকল্প পৰিচালক তৰংঙ্গিনী সোনোৱাল ৰ লগতে টিংখাং উন্নয়ন খণ্ডৰ বিষয়বৱীয়া , টিংখাঙৰ বিভিন্ন পঞ্চায়তৰ প্ৰতিনিধি তথা অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।।
মহিলা বজাৰখনক লৈ যথেষ্ট উৎসাহি উদ্যোক্তা তথা মহিলা বিক্ৰেতা সকল।

Byte-1,2,3

টিংখাঙৰ পৰা দীপক গগৈ,ই টিভি ভাৰত,অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.