ETV Bharat / state

টিংখাঙত শিশু নিৰ্যাতনকাৰী দম্পতীৰ প্ৰতিমূৰ্তি দাহ

author img

By

Published : Sep 4, 2020, 9:16 PM IST

নিজ গৃহত বনকৰাৰ বাবে প্ৰায় ডেৰ বছৰৰ পূৰ্বৰ পৰা থকা ১২ বছৰীয়া শিশুটিৰ উপৰত অকথ্য নিৰ্যাতন চলাইছিল চিকিৎসক ডাঃ সিদ্ধি প্রসাদ দেউৰী আৰু মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী কোঁৱৰে ।

tingkhong-protest
টিংখাঙত শিশু নিৰ্যাতনকাৰী দম্পত্তিৰ প্ৰতিমূৰ্তি দাহ

টিংখাং, 4 চেপ্টেম্বৰ: উতলা পানী ঢালি শিশু নির্যাতনকাৰী চিকিৎসক ডাঃ সিদ্ধি প্রসাদ দেউৰী আৰু মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী কোঁৱৰৰ কাণ্ডই টিংখাঙতো তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। এটি কণমানি শিশুক গৰমপানী ঢালি অমানুষিক অত্যাচাৰ চলোৱা কাৰ্যক তীব্ৰ প্ৰতিবাদ জনাই অতি শীঘ্ৰে নিজকে উচ্চ শিক্ষিত বুলি পৰিচয় দিয়া চিকিৎসক আৰু মহাবিদ্যালয়ৰ অধ্যক্ষাক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় সদৌ অসম আদিবাসী ছাত্র সন্থাই। আছাৰ ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়াই টিংখাঙৰ ৰাজগড়ত শুক্ৰবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি শিশু নিৰ্যাতনকাৰী চিকিৎসক দম্পতীৰ পুত্তলিকা দাহ কৰে। অনতিপলমে যদি আৰক্ষীয়ে এই দম্পতীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ নকৰে তেন্তে ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলা হব বুলি আছাই সকীয়াই দিয়ে ৷

উল্লেখ্য যে, নিজ গৃহত বনকৰাৰ বাবে প্ৰায় ডেৰ বছৰৰ পূৰ্বৰ পৰা থকা ১২ বছৰীয়া শিশুটিৰ উপৰত অকথ্য নিৰ্যাতন চলাইছিল চিকিৎসক ডাঃ সিদ্ধি প্রসাদ দেউৰী আৰু মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী কোঁৱৰে ।

শুই থকা শিশুটোৰ দেহত ডাঃ সিদ্ধি প্ৰসাদ দেউৰীয়ে উতলা পানী ঢালি অকৰ্থ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল । আনহাতে চিকিৎসা কৰাৰ পৰিৱৰ্তে নিজৰ ঘৰতে কাম কৰাই থকা শিশুটিক অৱশেষত শিশু কল্যাণ সমিতিয়ে উদ্ধাৰ কৰি শিশুটিৰ ভাষ্যৰ ভিত্তিত ডিব্ৰুগড়ৰ সদৰ থানাত যোৱা 31 আগষ্টতেই গোচৰ তৰিছিল। কিন্তু আৰক্ষী গাফিলতিৰ বাবেই পলায়ন কৰিবলৈ সুযোগ পালে অভিযুক্ত দম্পতীয়ে ।

লগতে পঢ়ক : শিশু নির্যাতনকাৰী চিকিৎসক আৰু অধ্যক্ষাক গ্ৰেপ্তাৰত ব্যৰ্থ ডিব্ৰুগড় আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.