ETV Bharat / state

টিংখাঙত অখণ্ড ভাগৱত পাঠৰ আয়োজন

author img

By

Published : Feb 13, 2021, 10:56 AM IST

টিংখাঙৰ টিপমীয়া বৰ নামঘৰত সাদিনীয়া অখণ্ড ভাগৱত পাঠৰ আয়োজন ৷ টিপমীয়া বৰ নামঘৰ, টিপমীয়া আলিকিনাৰ নামঘৰকে আদি কৰি 100 ৰো অধিক নামঘৰৰ সহযোগত অহা ১৯-২৭ ফেব্ৰুৱাৰীলৈকে আয়োজন কৰা হৈছে উক্ত অনুষ্ঠানৰ ৷

টিংখাঙত অখণ্ড ভাগৱত পাঠ
টিংখাঙত অখণ্ড ভাগৱত পাঠ

টিংখাং,13 ফেব্ৰুৱাৰী: ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ ধোঁৱাপথাৰ টিপমীয়াস্থিত টিপমীয়া বৰ নামঘৰত আয়োজন কৰা হৈছে চতুৰ্থতম পঞ্চ বাৰ্ষিক সাদিনীয়া অখণ্ড ভাগৱত পাঠ অনুষ্ঠানৰ ৷ টিপমীয়া বৰ নামঘৰ, টিপমীয়া আলিকিনাৰ নামঘৰ, ধোঁৱাপথাৰ নামঘৰ, পেটুধোৱা নামঘৰ, পহুমৰা নামঘৰ, উৰিয়ামগুৰি নামঘৰৰ উদ্যোগত আৰু টিংখাং সমষ্টিৰ বিভিন্ন প্ৰান্তৰ 100 ৰো অধিক নামঘৰৰ সহযোগত 19-27 ফেব্ৰুৱাৰীলৈ আয়োজন কৰা হৈছে উক্ত অনুষ্ঠানৰ ৷

কাৰ্যসূচী অনুসৰি, 19 ফেব্ৰুৱাৰীত ভাগৱত যাত্ৰা, 20-27 ফেব্ৰুৱাৰীলৈকে ভাগৱত পাঠ কৰা হ’ব ৷ প্ৰথমদিনা পুৱা ঊষা কীৰ্তনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হ’ব ৷ ইয়াৰ পিছতেই অৰ্জুন বৃক্ষৰোপণ কৰা হ’ব ৷

টিংখাঙত অখণ্ড ভাগৱত পাঠ
টিংখাঙত অখণ্ড ভাগৱত পাঠৰ আয়োজন

আয়োজক সমিতিৰ সভাপতি ভদ্ৰকান্ত গন্ধীয়াই মূল ধৰ্মধ্বজা উত্তোলন কৰাৰ সমান্তৰালভাৱে সকলো সহযোগী নামঘৰৰ প্ৰতিনিধিয়ে একেলগে পতাকা উত্তোলন কৰিব ৷ দাতা পৰিয়াল যোগেশ গন্ধীয়া, বিমল গন্ধীয়া, ভদ্ৰকান্ত গন্ধীয়াৰ পৰিয়ালবৰ্গই আগবঢ়োৱা প্ৰয়াত যোগাৰাম গন্ধীয়া আৰু দুৰ্গেশ্বৰী গন্ধীয়া সোঁৱৰণী নৱ নিৰ্মিত মূল তোৰণ উন্মোচন কৰা হ’ব ৷ ইপিনে শিৱ গগৈৰ পৰিয়ালবৰ্গই আগবঢ়োৱা ৰাঙলী চ’ৰা উন্মোচন কৰিব বৰমেধি বিশ্বনাথ চেলেঙে ৷ পুৱা 10.30 বজাত ভাগৱত যাত্ৰা আৰম্ভ কৰিব বিধায়ক বিমল বৰাই ৷ সন্ধিয়া দিহানাম শিল্পী অমিয়া নেওগ কলিতাৰ দিহানাম দল আৰু স্থানীয় 100 গৰাকী আয়তীৰ দ্বাৰা পৰিৱেশন কৰা হ’ব দিহানাম ৷

20 ফেব্ৰুৱাৰীৰ পুৱা ভাগৱত পাঠ মুকলি কৰিব বৰমেধি বিশ্বনাথ চেলেং আৰু মেধি ভূৱন দিহিঙীয়াই ৷ প্ৰত্যেকদিনা পুৱা 8 বজাত আৰু সন্ধিয়া 6 বজাত ইচ্ছুক বৈষ্ণৱে শৰাই আগবঢ়াব পাৰিব ৷ ইফালে অন্তিম দিনা সন্ধিয়া ভাওনা প্ৰদৰ্শন কৰা হ’ব ৷ আয়োজক সমিতিয়ে আটাইকেইটা কাৰ্যসূচীতে ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷ ভদ্ৰকান্ত গন্ধীয়াক সভাপতি, হীৰেন বৰপাত্ৰগোঁহাইক কাৰ্যকৰী সভাপতি, নীৰৱ লিকচনক মুখ্য সম্পাদক আৰু ধৰ্মেন্দ্ৰ গন্ধীয়া, কৰুণাকান্ত ফুকনক যুটীয়া সম্পাদক হিচাপে লৈ এক শক্তিশালী আয়োজক সমিতি গঠন কৰা হৈছে ৷

লগতে পঢ়ক: নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড: জাহ গ’ল 15 টা বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.