টিংখাং,28 ছেপ্টেম্বৰঃ হাতত কোৰ লৈ চাফাই অভিযানত ব্যস্ত এজন জনপ্ৰতিনিধি ৷ ৰাজ বিলাসিতা এৰি লেতেৰা নিষ্কাষণত ব্যস্ত টিংখাঙৰ বিধায়ক বিমল বড়া ৷ "স্বচ্ছতাই সেৱা" এই শ্ল'গান হাতে-কামে শুকুৰবাৰে কৰি দেখুৱালে বিধায়ক গৰাকীয়ে ৷
শনিবাৰে পুৱাই টিংখাং খণ্ড উন্নয়ন বিষয়াৰ লগতে দলীয় কৰ্মী সকলক লগত লৈ টিংখাঙৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ৰাজগড় চহৰত চাফাই অভিযানত নামি পৰিল বিধায়ক গৰাকী ৷ বিধায়ক গৰাকীৰ এনে পদক্ষেপে উদ্যোক্তাসকলৰ লগতে স্থানীয় ৰাইজকো স্বাভাৱিকতে উৎসাহিত কৰি তোলে ৷
উল্লেখযোগ্য যে, বিধায়ক গৰাকীয়ে প্লাষ্টিক জাতীয় সামগ্ৰীয়ে জৈৱ বৈচিত্ৰৰ প্ৰতি কঢ়িয়াই অনা ভাবুকিৰ প্ৰতিও ৰাইজক সজাগ- সচেতন হ'বলৈ আহ্বান জনায় ৷