টিংখাং,17 নৱেম্বৰঃ বাজেদ আলী চৌধুৰীয়ে উজনি অসমৰ ভোটৰ গুৰুত্ব নাই বুলি কৰা মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে টিংখাংৰ বিধায়ক বিমল বৰা ৷ কংগ্ৰেছে এতিয়া ভ্ৰম বকিবলৈ আৰম্ভ কৰিছে । তেওঁলোকক মিঞা মিউজিয়াম লাগে, মিঞা বিদ্যালয় লাগে, উজনি অসমৰ গুৰুত্ব নাই, এনেধৰণৰ মন্তব্য কৰিবলৈ আৰম্ভ কৰিছে ৷ মানুহে যেতিয়া মানসিক ভাৰসাম্য হেৰুৱাই পেলায়, সন্মুখত যেতিয়া আন্ধাৰ দেখে, তেতিয়াই এনেদৰে প্ৰলাপ বকে বুলি কৈ কংগ্ৰেছ দলটোৰ লগতে বিধায়ক ৱাজেদ আলী চৌধুৰীক কটাক্ষ কৰে বিধায়ক বিমল বৰাই ৷
আনহাতে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সভাপতি এটোৱা মুণ্ডায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৱাজেদ আলী চৌধুৰীৰ এই বিৰ্তকিত মন্তব্যৰ ৷ মুণ্ডাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ কোনো কংগ্ৰেছ কৰ্মীয়ে এনে মন্তব্য নকৰে বুলি দাবী কৰে। গতিকে ৱাজেদ আলিয়ে যদি কৈছে সেইটো তেওঁৰ ব্যক্তিগত মন্তব্য বুলিহে ব্যক্ত কৰিলে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়কঃ পঞ্চভূতত বিলীন হৰধন ৰায়ৰ নশ্বৰদেহ