ETV Bharat / state

কৃষক মুক্তিৰ দুই নেতাক গ্ৰেপ্তাৰ ডিব্ৰুগড়ত

অখিল গগৈৰ মুক্তি আৰু 'কা' বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ অপৰাধত দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদক শশী শেনচোৱা আৰু হেমন্ত কোঁৱৰক ৷ ইয়াৰ পূৰ্বেও 'কা' বিৰোধী আন্দোলনত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল নেতাদুগৰাকীক ৷

author img

By

Published : Aug 3, 2020, 12:47 PM IST

Tingkhong_KMSS_Leader_arrested
শশী শেনচোৱা আৰু হেমন্ত কোঁৱৰক পুনৰ গ্ৰেপ্তাৰ!

ডিব্ৰুগড়,3 আগষ্ট: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদক শশী শেনচোৱা আৰু হেমন্ত কোঁৱৰক গ্ৰেপ্তাৰ । অখিল গগৈৰ মুক্তি আৰু 'কা' বাতিলৰ দাবীত দেওবাৰে সন্ধিয়া টিংখাং ঔগুৰীত এক সাংস্কৃতিক প্ৰতিবাদৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদক শশী শেনচোৱা আৰু হেমন্ত কোঁৱৰে ৷ অখিল গগৈৰ সু-স্বাস্থ্যৰ কামনা কৰি নামঘৰত চাকি-বন্তি জ্বলাইছিল দুয়োগৰাকীয়ে । ইয়াৰ পাছতেই দেওবাৰে নিশা শশী শেনচোৱা আৰু হেমন্ত কোঁৱৰক গ্ৰেপ্তাৰ কৰে টিংখাং আৰক্ষীয়ে ।

অন্য এক খবৰৰ বাবে: সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত কৰা আৰক্ষীক কোৱাৰেন্টাইন মুম্বাইত

প্ৰাপ্ত তথ্য অনুসৰি,ইয়াৰ পূৰ্বেও 'কা' বিৰোধী আন্দোলনত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল কৃষক মুক্তিৰ নেতা শশী শেনচোৱা । জামিন লাভ কৰা শশী শেনচোৱা আৰু সহযোগী হেমন্ত কোঁৱৰক আৰক্ষীয়ে পুনৰ দেওবাৰে নিশা গ্ৰেপ্তাৰ কৰাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.