ETV Bharat / state

প্ৰজ্ঞা ফাউণ্ডেচনৰ উদ্যোগত টিংখাঙত 'সংস্কাৰ জাগৰণ যাত্ৰা'

author img

By

Published : Mar 2, 2021, 4:49 PM IST

ডিব্ৰুগড়ৰ টিংখাঙত অব্যাহত আছে 'সংস্কাৰ জাগৰণ যাত্ৰা' । প্ৰজ্ঞা ফাউণ্ডেচনৰ উদ্যোগত যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই সজাগতামূলক যাত্ৰাৰ অন্ত পৰিব অহা ৪ মাৰ্চত ।

প্ৰজ্ঞা ফাউণ্ডেচনৰ উদ্যোগত টিংখাঙত 'সংস্কাৰ জাগৰণ যাত্ৰা'
প্ৰজ্ঞা ফাউণ্ডেচনৰ উদ্যোগত টিংখাঙত 'সংস্কাৰ জাগৰণ যাত্ৰা'

টিংখাং, ২ মাৰ্চ: সমাজৰ বিভিন্ন ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰজ্ঞা ফাউণ্ডেচনৰ উদ্যোগত সমগ্ৰ ৰাজ্যতে চলি আছে 'সংস্কাৰ জাগৰণ যাত্ৰা' । ডিব্ৰুগড়ৰ টিংখাং বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত অব্যাহত আছে এই সজাগতামূলক যাত্ৰা । জনজাগৰণৰ উদ্দেশ্যে যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা অহা ৪ মাৰ্চত অন্ত পৰিব । সমগ্ৰ ৰাজ্যত ১০০টা বিশেষ জনজাগৰণ যাত্ৰা আৰম্ভ হৈছে ।

সংস্কাৰমুখী প্ৰমুল্যবোধেৰে আদৰ্শ পৰিয়াল গঢ়া, থলুৱা সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা, সমাজ গঠনত গাওঁ আৰু ভূমি সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা, সামাজিক ব্যাধি স্বৰূপ মাদক দব্য বৰ্জন, সমাজ সুৰক্ষা, প্ৰকৃতি সুৰক্ষা আদিৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰা উদ্দেশ্যেৰে 'সংস্কাৰ জাগৰণ যাত্ৰা' আৰম্ভ হৈছে ।

প্ৰভাৱশালী চিন্তন আৰু ভাৰতীয় দৰ্শন, জৈৱিক কৃষি আৰু গো-পালনৰ প্ৰয়োজনীয়তা আৰু এই বিষয়ত জনসাধাৰণে কৰিবলগীয়া কাম সন্দৰ্ভত সজাগ কৰাৰ প্ৰয়াস কৰা হৈছে । প্ৰজ্ঞা ফাউণ্ডেচনৰ উদ্যোগত আৰম্ভ হোৱা এই যাত্ৰাই প্ৰতিটো সমষ্টিকে সামৰি লোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ অপহৃত ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.