ETV Bharat / state

টিংখাঙত জন্মৰ ভুৱা প্ৰমাণ পত্ৰৰ বেহাঃ ৰঙাঘৰত দুই যুৱক

টিংখাঙৰ ঔগুৰি গাঁওত কেইজনমান লোকক এনে প্ৰমাণ পত্ৰ দিবলৈ অহাৰ সময়ত সন্দেহবশত: স্থানীয় ৰাইজে সোধাপোছা কৰাত ওলাই পৰে উৰহিৰ ওৰ। পিচত স্থানীয় ৰাইজে উত্তম মধ্যম দিয়াৰ পিছত টিংখাং আৰক্ষীক গতাই দিয়ে যুৱককেইজনক।

author img

By

Published : Mar 12, 2020, 10:32 AM IST

টিংখাঙত জন্মৰ ভুৱা প্ৰমাণ পত্ৰৰ বেহাঃ ৰঙাঘৰত দুই যুৱক
টিংখাঙত জন্মৰ ভুৱা প্ৰমাণ পত্ৰৰ বেহাঃ ৰঙাঘৰত দুই যুৱক

টিংখাং, 12 মাৰ্চঃ টিংখাঙত জন্মৰ প্ৰমাণ পত্ৰৰ ৰমৰমীয়া বেহাৰ কথা পোহৰলৈ আহিছে শেহতীয়াকৈ। গ্ৰামাঞ্চল আৰু চাহ বাগিচা অঞ্চলৰ ৰাইজৰ সৰলতাৰ সুযোগ লৈ এচাম অসাধু লোকে জন্মৰ ভুৱা প্ৰমান পত্ৰৰ বেহা চলাই আহিছে ঠায়ে ঠায়ে । টিংখাঙত জন্মৰ ভুৱা প্ৰমাণ পত্ৰৰ বেহা চলাই গ্ৰেপ্তাৰ হ'ল দুই যুৱক । ধৃত যুৱক দুজন হৈছে আজিজবাগ চাহ বাগিচাধনু মোডী আৰু উমাতাৰা চাহ বাগিচাৰ কৃষ্ণ মোডী

টিংখাং সমষ্টিৰ বিভিন্ন অঞ্চলত জন্মৰ প্ৰমাণ পত্ৰ বিতৰণ কৰিছে এই দুই প্ৰৱঞ্চকে । প্ৰমাণ পত্ৰ উলিয়াই দিয়াৰ বাবদ প্ৰতিজন লোকৰ পৰা ১২০০ (বাৰশ) টকাকৈ সংগ্ৰহ কৰি আহিছিল যুৱককেইজনে। টিংখাঙৰ ঔগুৰি গাঁৱত কেইজনমান লোকক এনে প্ৰমাণ পত্ৰ দিবলৈ অহাৰ সময়ত সন্দেহবশত: স্থানীয় ৰাইজে সোধাপোছা কৰাত ওলাই পৰে উৰহিৰ ওৰ। পিচত স্থানীয় ৰাইজে উত্তম মধ্যম দিয়াৰ পিছত টিংখাং আৰক্ষীক গতাই দিয়ে যুৱককেইজনক।
আনহাতে,যুৱককেইজনে স্বীকাৰ কৰিছে আন কেইবাজনো লোক এই ঘটনাত জড়িত থকাৰ কথা। আৰক্ষীয়ে যুৱককেইজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪৬৬/৪৬৮/৪৭১/৩৪ ধাৰাৰ অধিনত গ্ৰেপ্তাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ।

লগতে চাওকঃ

মৰিগাঁৱত অনুষ্ঠিত পাটিঢোল প্ৰশিক্ষণৰ সফল সামৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.