টিংখাং, ২৭ অক্টোবৰঃ দেৱালীৰ আনন্দ-উল্লাসৰ মাজতে টিংখাঙত সংঘটিত হৈছে শোকাৱহ ঘটনা । বহিঃৰাজ্যত টিংখাঙৰ যুৱকৰ ৰহস্যজনক মৃত্যু । উল্লেখ্য যে, যোৱা এপ্ৰিল মাহতেই কৰ্ম-সংস্থাপনৰ তাগিদাত কেৰালালৈ গৈছিল টিংখাঙৰ ২ নং ৰাইদঙ্গীয়া গাঁৱৰ দিলীপ গগৈ আৰু অঞ্জলী গগৈৰ সন্তান প্ৰাঞ্জল গগৈ নামৰ বিবাহিত যুৱকজন । কেৰালাৰ কুছীত সাগৰীয় জাহাজত কৰ্মৰত প্ৰাঞ্জল গগৈ শুকুৰবাৰে নিশাৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে ।
শনিবাৰে প্ৰাঞ্জলৰ নিৰুদ্দেশ সন্দৰ্ভত তেওঁৰ সহকৰ্মীসকলে পৰিয়ালৰ লোকক অৱগত কৰে । শনিবাৰে পুৱা সাগৰৰ মাজত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাচতে পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । মৃতদেহত থকা আঘাত আৰু তেজৰ চেকুৰা প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে । ইতিমধ্যে পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত টিংখাং আৰক্ষী থানাত অৱগত কৰাৰ লগতে ঘটনাৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে ।
উল্লেখ্য যে, অতি দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ সন্তান প্ৰাঞ্জলৰ অকাল মৃত্যুৱে গভীৰ অমানিশা কঢ়িয়াই আনিছে পিতৃ-মাতৃৰ লগতে পত্নী তথা 3 বছৰীয়া কন্যা সন্তানৰ জীৱনলৈ ।