ETV Bharat / state

ৰাজগড়ত ট্ৰিবেণী মণ্ডল সংগঠনৰ উদ্যোগত বহাগী মেলা - টিংখঙ উন্নয়ন খণ্ড

ৰাজগড়ত ট্ৰিবেণী মণ্ডল সংগঠনৰ উদ্যোগত বহাগী মেলা । মহিলা আত্মসহায়ক গোটে প্ৰস্তুত কৰা পিঠা পনা, থলুৱা বস্ত্ৰ সুলভ মূল্যত উপলব্ধ । এই মেলাত মুঠ 14 টা গোটৰ 26 গৰাকী মহিলা সদস্যাই অংশগ্ৰহণ কৰে ৷

ৰাজগড়ত ট্ৰিবেণী মণ্ডল সংগঠনৰ উদ্যোগত বহাগী মেলা

author img

By

Published : Apr 12, 2021, 6:11 PM IST

টিংখং,12 এপ্ৰিল: অসমীয়াৰ পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু ৷ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে ৰাজ্যবাসীয়ে ৷ বিহুক আদৰিবলৈ এতিয়া প্ৰতিজন অসমীয়াই কঁকালত টঙালি বান্ধি দুগুণ আগ্ৰহেৰে প্ৰস্তুতি অব্যাহত ৰাখিছে । বিহুলৈ মাত্ৰ আৰু দুটা দিন বাকী ৷ বিহুৰ এই প্ৰাকক্ষণত টিংখাঙৰ ৰাজগড়ত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু টিংখাং উন্নয়ন খণ্ডৰ অন্তৰ্গত ট্ৰিবেণী মণ্ডল সংগঠনে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে ৷

সংগঠনটোৰ উদ্যোগত ৰাজগড়ত বিহু উপলক্ষে এখন বহাগী মেলাৰ আয়োজন কৰে । দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই অনুষ্ঠানত 14 টা মহিলা আত্মসহায়ক গোটৰ সদস্যাই অংশগ্ৰহণ কৰে ৷ বহাগী মেলাত মহিলা গোটৰ দ্বাৰা প্ৰস্তুত কৰা পিঠাপনাকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী, নিজে তৈয়াৰ কৰা থলুৱা সাজপাৰ আদি সুলভ মূল্যত বিক্ৰী কৰা হয় ।

উল্লেখ্য যে, মেলাত মুঠ 14 টা গোটৰ 26 গৰাকী মহিলাই অংশগ্ৰহণ কৰে ৷ সোমবাৰ আৰু মঙলবাৰ, দুদিনৰ বাবে মুকলি কৰা এই মেলাত প্ৰথম দিনাই ৰাইজৰ বিপুল সঁহাৰি লাভ কৰে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: ৰঙালীৰ ৰঙেৰে ভৰিছে মহানগৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.