ETV Bharat / state

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত টিংখাঙত আছাৰ প্ৰতিবাদ - চাহ শ্ৰমিক

চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰা, মাটি ম্যাদী পট্টা প্ৰদানৰ কৰাৰ লগতে অসমৰ আদিবাসীসকলক জনজাতি মৰ্যাদা প্ৰদান কৰা দাবীত আদিবাসী ছাত্ৰ সন্থাৰ ৰাজগড় আঞ্চলিক সমিতিয়ে সাব্য়স্ত কৰে এই প্ৰতিবাদ ৷

Tingkhong Bike rally
চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত টিংখাংত আছাৰ প্ৰতিবাদ
author img

By

Published : Feb 20, 2021, 7:28 PM IST

টিংখাং, ২০ ফেব্ৰুৱাৰী : সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ৰাজগড় আঞ্চলিক সমিতিয়ে শনিবাৰে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়ত শ্ৰমিকৰ মজুৰি বৃদ্ধি, জনজাতিকৰণ, ম্যাদী পট্টা প্ৰদানৰ দাবীত এক বিশাল বাইক ৰেলী বাহিৰ কৰে । প্ৰতিবাদকাৰী সকলে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰা, মাটি ম্যাদী পট্টা প্ৰদানৰ কৰাৰ লগতে অসমৰ আদিবাসী সকলক জনজাতি মৰ্যাদা প্ৰদান কৰা দাবীত ৰাজগড়ৰ যুৰীয়া আই থানৰ সমীপৰ পৰা মৰাণলৈ এই প্ৰতিবাদী বাইক ৰেলী উলিয়ায় ৷ এই প্ৰতিবাদী বাইক ৰেলীত আছাৰ শতাধিক সদস্যই অংশগ্ৰহণ কৰি বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে ৰাজগড়ৰ আকাশ বতাহ কঁপাই তোলে । তেওঁলোকে চৰকাৰক শীঘ্ৰে দাবীসমূহ পূৰণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত টিংখাংত আছাৰ প্ৰতিবাদ

লগতে পঢ়ক : গঠন হ’ব বড়োলেণ্ড প্ৰশাসনিক মহাবিদ্যালয়: ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.