ETV Bharat / state

গোহালি সদৃশ গৃহত জীৱনৰ আদি পাঠ লৈছে ছাত্ৰ-ছাত্ৰীয়ে... - ডিব্ৰুগড়

চৰকাৰী বিদ্যালয়ৰ দুদৰ্শা...শিক্ষা ব্যৱস্থাৰ নগ্ন স্বৰূপ উদঙাই দিছে টিংখাঙৰ এখন জৰাজীৰ্ণ বিদ্যালয়ে ৷

শিক্ষা ব্যৱস্থাৰ নগ্ন স্বৰূপ
author img

By

Published : Aug 10, 2019, 11:18 AM IST

Updated : Aug 10, 2019, 3:36 PM IST

টিংখাং,10 আগষ্টঃ টিংখাঙৰ এখন জৰাজীৰ্ণ বিদ্যালয়ে উন্মোচিত কৰিছে ৰাজ্যৰ একাংশ চৰকাৰী বিদ্যালয়ৰ প্ৰকৃত চিত্ৰখন ৷ এনে বহু বিদ্যালয় আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সকলোৰে আজি একেই অৱস্থা ৷ চাওক কেনেকুৱা এক জৰাজীৰ্ণ পৰিৱেশ বিদ্যালয়ৰ নামত ৷ ১৯৮৫ চনতে স্থাপিত হোৱা ডিব্ৰুগড়ৰ টিংখাঙৰ লংবৈজান মজদুৰ প্ৰাথমিক বিদ্যালয়ৰ বৰ্তমানৰ অৱস্থাই ভৱাই তুলিব সকলোকে ৷ চাওক আমাৰ এই প্ৰতিবেদন...

চৰকাৰী বিদ্যালয়ৰ দুদৰ্শা
  • ৪৭ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে দুগৰাকী শিক্ষক-শিক্ষয়িত্ৰী
  • উৱলি যোৱা টিনৰ চালিৰ তলত কৰে পাঠদান
  • ছাত্ৰ ছাত্ৰীক পঢ়াবৰ বাবে বিদ্যালয়খনত নাই ব্লেকবোৰ্ড
  • ছাত্ৰ-ছাত্ৰী বহিবলৈ নাই কোনো আচবাবো
  • আজিলৈকে নাপালে চৰকাৰী ইউনিফৰ্মো

টিংখাং,10 আগষ্টঃ টিংখাঙৰ এখন জৰাজীৰ্ণ বিদ্যালয়ে উন্মোচিত কৰিছে ৰাজ্যৰ একাংশ চৰকাৰী বিদ্যালয়ৰ প্ৰকৃত চিত্ৰখন ৷ এনে বহু বিদ্যালয় আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সকলোৰে আজি একেই অৱস্থা ৷ চাওক কেনেকুৱা এক জৰাজীৰ্ণ পৰিৱেশ বিদ্যালয়ৰ নামত ৷ ১৯৮৫ চনতে স্থাপিত হোৱা ডিব্ৰুগড়ৰ টিংখাঙৰ লংবৈজান মজদুৰ প্ৰাথমিক বিদ্যালয়ৰ বৰ্তমানৰ অৱস্থাই ভৱাই তুলিব সকলোকে ৷ চাওক আমাৰ এই প্ৰতিবেদন...

চৰকাৰী বিদ্যালয়ৰ দুদৰ্শা
  • ৪৭ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে দুগৰাকী শিক্ষক-শিক্ষয়িত্ৰী
  • উৱলি যোৱা টিনৰ চালিৰ তলত কৰে পাঠদান
  • ছাত্ৰ ছাত্ৰীক পঢ়াবৰ বাবে বিদ্যালয়খনত নাই ব্লেকবোৰ্ড
  • ছাত্ৰ-ছাত্ৰী বহিবলৈ নাই কোনো আচবাবো
  • আজিলৈকে নাপালে চৰকাৰী ইউনিফৰ্মো
Intro:টিংখাঙৰ এখন জৰাজীৰ্ণ বিদ্যালয়। জৰাজীৰ্ণ গোহালি সদৃশ গৃহতে পাঠ গ্ৰহণ কৰি আছে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে। চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে শিক্ষকে।

Body:ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ পুতৌলগা ছৱি । ৰাজ্যৰ একাংশ চৰকাৰী বিদ্যালয়ৰ জৰাজীৰ্ণ গোহালি সদৃশ পৰিবেশতেই জীৱনৰ আদিপাঠ গ্ৰহণ কৰিব লগীয়া হয় ছাত্ৰ-ছাত্ৰীয়ে । এই বিদ্যালয়খনলৈ মন কৰক । টিংখাঙৰ এইখন লংবৈজান মজদুৰ প্ৰাথমিক বিদ্যালয় । ১৯৮৫ চনত স্থাপিত হোৱা জয়পুৰ শিক্ষা খণ্ডৰ অধিনৰ বিদ্যালয়খনত ৪৭ জন ছাত্ৰ -ছাত্ৰীৰ বিপৰীতে আছে দু-গৰাকী শিক্ষক- শিক্ষয়িত্ৰী । বৰষুণ দিলেই গৃহৰ ভিতৰত বোকা-পানীৰে ওপচি পৰে, কিয়নো টিনৰ চালি বৰ্তমান উৱঁলি গৈছে ৷ আনহাতে, কেইবাখনো টিন বতাহে ওৰুৱাই নিছে । বিদ্যালয়খনৰ বাঁহৰ বেৰো পচিবলৈ ধৰিছে । চৌহদত বেৰাৰ কোনো ব্যৱস্থা নাই । যেতিয়াই তেতিয়াই গৰু ছাগলীয়ে চৌহদত প্ৰবেশ কৰে । ইয়াতকৈ ডাঙৰ বিষয়, ছাত্ৰ ছাত্ৰীক পঢ়াবৰ বাবে নাই ব্লেকবোৰ্ড । ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী ইউনিফৰ্মো পোৱা নাই । নাই কোনো আচবাব ৷ এক অবৰ্ণনীয় পৰিবেশত শিক্ষাগ্ৰহন কৰিছে এইখন বিদ্যালয়ৰ ছাত্ৰীসকলে । Conclusion:উল্লেখ্য যে, বিগত সময়ত কংগ্ৰেছ চৰকাৰৰ দিনত বিদ্যালয়খন প্ৰাদেশিকীকৰণ হ'ল যদিও  এই বিদ্যালয়খনৰ গৃহটি নিৰ্মাণ কৰা ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে । বৰ্তমান স্থানীয় ৰাইজ আৰু প্ৰধান শিক্ষকে দান বৰঙনিৰে বিদ্যালয়খন মেৰামতি কৰি আহিছে । এটি পকী গৃহৰ বাবে চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক বহু আবেদন নিবেদন জনাই আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহন কৰা নাই, যাৰ বাবে এতিয়া এনেদৰে জীৱনৰ আদিপাঠ গ্ৰহন কৰিবলগীয়া হৈছে কন কন ছাত্ৰ ছাত্ৰীয়েছাত্ৰীযে। ৰাজ্যৰ প্ৰাথমিক শিক্ষা খণ্ডৰ এনে পয়ালগা অৱস্থাক নতুন গতি দিবলৈ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয় ।

বাইট ১/ প্ৰধান শিক্ষক

টিংখাঙৰ পৰা দীপক গগৈ ,
Last Updated : Aug 10, 2019, 3:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.