ETV Bharat / state

খোৱাংত বাঘৰ আতংক,প্ৰতিদিনে ভক্ষণ কৰিছে পশুধন

author img

By

Published : Nov 2, 2020, 9:08 AM IST

খোৱাংত আতংকৰ সৃষ্টি কৰিছে বাঘে ৷ প্ৰতিদিনে পশুধন খাই বাঘে আতংকৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷ বন বিভাগক অৱগত কৰাৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

Tiger terror in Khowang
খোৱাংত বাঘৰ আতংক, প্ৰতিদিনে ভক্ষণ কৰিছে পশুধন

মৰাণ,2 নৱেম্বৰ: কেতিয়াও যেন সমস্যাৰ ওৰ নপৰিব খোৱাঙৰ বানত সৰ্বহাৰা হোৱা কৃষক ৰাইজৰ । ডিব্ৰুগড় জিলাৰ বানত সৰ্বস্বান্ত হোৱা কৃষক ৰাইজৰ মাজত এইবাৰ আতংকৰ সৃষ্টি কৰিছে বাঘে ৷ প্ৰতিদিনে এটাৰ পাছত আন এটা পশুধন খাই বাঘে অঞ্চলটোত সৃষ্টি কৰিছে আতংক। খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত মইনা গাঁও,হালধিবাৰী,দীঘলিয়াহোলা,চেচুঘাট আদি অঞ্চলত বহু দিনৰ পৰাই বাঘে আতংকৰ সৃষ্টি কৰি আহিছে। ৰাইজে বন বিভাগক এই বিষয়ে অৱগত কৰিছে যদিও বন বিভাগে বিশেষ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া প্ৰতিদিনে কৃষক ৰাইজৰ গৰু ছাগলী দিন দুপৰতে বাঘে ভক্ষণ কৰি আহিছে । দুই এখন গাঁওৰ ৰাইজে সন্ধিয়া হ'লে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ ভয় কৰে বাঘৰ ভয়ত । খোৱাঙৰ বৃহত্বৰ হালধিবাৰী ৰাইজে বাঘ ধৰাৰ ব্যৱস্থা কৰিবলৈ বন বিভাগক দাবী জনাইছে ।

লগতে পঢ়ক: কোকৰাঝাৰত ৮০ বছৰীয়া বৃদ্ধৰ মৃত্যুদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.