মৰাণ, 7 ডিচেম্বৰ : চাবুৱাৰ ৰহমৰীয়া মৌজাৰ অন্তৰ্গত খাগৰি মাইজানত বাঘৰ সন্ত্ৰাসত আতংকিত স্থানীয় ৰাইজ(Tiger terror at Chabua) । খাগৰি মাইজানত বাঘৰ আক্ৰমণত ইতিমধ্যে গুৰুতৰভাবে আহত হৈছে এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰী(Tiger attack at Rohmoria) ৷
উল্লেখ্য যে,চাহ বাগিচাৰ কাম কৰি থকা আত্মীয়ক চাহ জলপান দিবলৈ যাওঁতেই বাঘে আক্ৰমণ কৰিছিল ছাত্ৰী গৰাকীক(Tiger attacked a student at Chabua) । কিন্তু ছাত্ৰী গৰাকী আৰু আত্মীয়ই চিঞৰ বাখৰ কৰাৰ পাছতে বাঘটো সেই স্থান এৰি পলায়ন কৰে ৷ জানিব পৰা মতে এই অঞ্চলটোত দীৰ্ঘদিন ধৰি বাঘে সন্ত্ৰাস চলাই আহিছে ৷ যাৰ বাবে এতিয়া বাঘৰ আশংকাত আতংকিত হৈ পৰিছে গাওঁবাসী ।
এই সন্দৰ্ভত বন বিভাগ(Forest Department of chabua)ক বাৰম্বাৰ স্থানীয় ৰাইজে অৱগত কৰাৰ পাছতো কোনো গুৰুত্ব প্ৰদান নকৰাত এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজ ৷
লগতে পঢ়ক : Leopard Caged in Dibrugarh : ডিব্ৰুগড়ত পুনৰ পিঞ্জৰাবদ্ধ নাহৰফুটুকী