ডিব্ৰুগড়, 12 ডিচেম্বৰ: ৰাজ্যত পুনৰ মইনা নায়ক ঘটনাৰ পুনৰাবৃত্তি (Moina Nayak Incident ) ৷ শিলৰ কুৱেৰীৰ মেচিনত সোমাই গুৰুতৰভাৱে আহত তিনিগৰাকী মহিলা (Three women injured while working) ৷ এইবাৰ নামৰূপৰ পিংকু সিং নামৰ এজন ব্যক্তিৰ শিলৰ কুৱেৰীৰ মেচিনত সোমাল তিনিগৰাকী মহিলা ৷
ফলত গুৰুতৰভাৱে আহত হৈছে আটাইকেইগৰাকী মহিলা ৷ আহত মহিলা কেইগৰাকী হৈছে নিতা হৰিজন, ৰশ্মিতা তাঁতী আৰু সুনীতা তাঁতী ৷ পৰৱৰ্তী সময়ত আহত মহিলা কেইগৰাকীক ভৰ্তি কৰোৱা হয় ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতালত (Dibrugarh medical college hospital) ৷ বৰ্তমান মহিলা কেইগৰাকীৰ স্বাস্থ্য সুস্থিৰ বুলি অৱগত কৰিছে চিকিৎসকে ৷
আনহাতে, এই সমগ্ৰ ঘটনাক লৈ নামৰূপত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ উল্লেখ্য যে, ডিব্ৰুগড়ৰ লেপেটকটা চাহ ফেক্টৰীৰ মেচিনত সোমাই গুৰুতৰভাৱে আহত হোৱা মইনা নায়ক বৰ্তমানেও হৈ আছে চিকিৎসাধীন ৷
লগতে পঢ়ক: Encounter by Assam police: অসম আৰক্ষীৰ গুলীত নিহত বিহাৰৰ ছুপাৰী কিলাৰ মোহন কুমাৰ