ETV Bharat / state

একে পৰিয়ালৰ তিনিজনক আক্ৰমণ কৰি পলাতক অভিযুক্ত - Dibrugarh University

ডিব্ৰুগড়ৰ চৌকিডিঙিৰ ৰে’লৱে কলনী নিবাসী দিপম গগৈ নামৰ লোকজনে একে পৰিয়ালৰ তিনিজন ব্যক্তিক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি পলায়ন কৰাৰ অভিযোগ উত্থাপিত হৈছে । ঘটনা সন্দৰ্ভত মিলন নগৰ আৰক্ষী চকীত এজাহাৰ দাখিল ৷

three-people-were-attacked-at-dibrugarh
ডিব্ৰুগড়ত একে পৰিয়ালৰ তিনিজনক আক্ৰমণ কৰি পলাতক অভিযুক্ত
author img

By

Published : Jun 7, 2021, 11:17 AM IST

ডিব্ৰুগড়,7 জুন: ডিব্ৰুগড়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ একে পৰিয়ালৰ তিনি লোকক চোকা অস্ত্ৰৰে গুৰুতৰভাৱে আক্ৰমণ কৰি পলায়ন কৰাৰ অভিযোগ এজন ৰে’ল কৰ্মচাৰীৰ বিৰুদ্ধে । ঘটনাৰ তিনি দিনলৈকে দোষীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ডিব্ৰুগড় আৰক্ষী । মিলন নগৰ থানাত (Milon Nagar Police station)ত ন্যায় বিচাৰি উপস্থিত ভুক্তভোগীৰ চুবুৰীয়া ।

ভুক্তভোগীৰ লগতে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, যোৱা 2 জুনৰ ৰাতি প্ৰায় 10.30 বজাত চৌকিডিঙিৰ চিৰিং গাঁও ৰে’লৱে কলনীৰ নিবাসী তথা ডিব্ৰুগড়ৰ ৰে’লৱে ৱৰ্কচপ(Dibrugarh Railway Workshop)ৰ কৰ্মচাৰী দিপম গগৈ নামৰ লোকজনে চুবুৰীয়া আৰিয়ান কৰ্মকাৰক(12) কোনো কাৰণ নথকাকৈ গুৰুতৰভাৱে প্ৰহাৰ কৰে ৷ ইয়াৰ পাচতে আৰিয়ানৰ মাতৃ লক্ষ্মী কৰ্মকাৰে সন্তানক প্ৰহাৰ কৰাৰ কাৰণ সোধাত লক্ষ্মী কৰ্মকাৰকো লোহাৰ ৰডেৰে মূৰত প্ৰহাৰ কৰে দিপম গগৈয়ে ।

ডিব্ৰুগড়ত একে পৰিয়ালৰ তিনিজনক আক্ৰমণ কৰি পলায়ন অভিযুক্ত

পত্নী-পুত্ৰক প্ৰহাৰ কৰা দেখি দয়াশংকৰ কৰ্মকাৰে দিপমক বাধা প্ৰদান কৰাত তেওঁকো চোকা অস্ত্ৰৰে মূৰত আঘাত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত গগৈ । সম্প্ৰতি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল(Assam Medical College Hospital)ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে দয়াশংকৰ কৰ্মকাৰ । ঘটনা সন্দৰ্ভত ৩ জুনৰ পুৱা মিলন নগৰ আৰক্ষী চকী(Milon Nagar Police station)ত এজাহাৰ দাখিল কৰে যদিও অভিযুক্ত দিপম গগৈক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ।

জানিব পৰা মতে, ৰে’ল বিভাগত কৰ্মৰত দিপম গগৈৰ ঘৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়(Dibrugarh University)ৰ সমীপত । বৰ্তমান ডিব্ৰুগড় আৰক্ষী(Dibrugarh police)য়ে C/NO 1085/2021U/S 341/225/294/326/354 আইপিচি ধাৰাৰ জৰিয়তে দিপম গগৈক বিচাৰি অভিযান অব্যাহত ৰাখিছে ।

আনহাতে, ঘটনাৰ তিনিটা দিন উকলি যোৱাৰ পাছতো আৰক্ষীয়ে অভিযুক্তক কৰায়ত্ত নকৰাত ভুক্তভোগীৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে দেওবাৰে মিলন নগৰ আৰক্ষী চকীত উপস্থিত হৈ ন্যায় বিচাৰে ।

লগতে পঢ়ক: চিৰাজউদ্দিন আজমলৰ সাংসদ পুঁজিত ব্যপক লুণ্ঠন !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.