ETV Bharat / state

মৰাণত হত্যাকাণ্ডৰ লগত জড়িত তিনিজনক গ্ৰেপ্তাৰ - murder case

শনিবাৰে নিশা ডিমৌত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড ৷ মৰাণ সমষ্টিৰ নিবাসী শ্যাম ওৰাং নামৰ এজন ব্যক্তিক এটা দুৰ্বৃত্তৰ দলে ডিমৌ সমীপৰ ভলুকাগুৰিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে হানি-খুঁচি হত্যা কৰে । এই হত্যাকাণ্ডৰ লগত জড়িত 3 জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ৷

মৰাণৰ নিশংস হত্যাকাণ্ডৰ লগত জড়িত ৩জনক গ্ৰেপ্তাৰ

author img

By

Published : Mar 14, 2021, 9:48 PM IST

মৰাণ,14 মাৰ্চ: শনিবাৰে নিশা মৰাণৰ 1নং কাছমাৰিত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড ৷ মৰাণৰ 1নং কাছমাৰিৰ নিবাসী শ্যাম ওৰাং নামৰ এজন ব্যক্তিক এটা দুৰ্বৃত্তৰ দলে ডিমৌ সমীপৰ ভলুকাগুৰিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে হানি-খুঁচি হত্যা কৰে । এই হত্যাকাণ্ডৰ লগত জড়িত 3 জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ৷ হত্যাকাণ্ডৰ লগত লোককেইজন ক্ৰমে বিনোদ ভূঞা (25), দেৱ ভূঞা (19) আৰু সঞ্জয় ভূঞা (26) বুলি চিনাক্ত কৰা হৈছে ৷

মৰাণত হত্যাকাণ্ডৰ লগত জড়িত তিনিজনক গ্ৰেপ্তাৰ

ঘটনা অনুসৰি, 1 নং কাছমাৰিৰ নিবাসী গাড়ী চালক শ্যাম উৰাঙে ঘৰৰ পৰা বজাৰ কৰিবলৈ ওলাই যোৱাৰ সময়তে এটা দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰে । ফলত ডিঙি আৰু দেহৰ বিভিন্ন ঠাইত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে ঢলি পৰে । ঘটনাৰ কিছু সময়ৰ পাছতে তেজেৰে ৰাঙলী হৈ পৰা শ্যাম উৰাঙক স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাত ততালিকে ডিমৌ আদর্শ চিকিৎসালয়লৈ নিয়ে ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্যাম উৰাঙক চিকিৎসকে মৃত ঘোষণা কৰে ।

এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে মৰাণ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল । সেই এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে দেওবাৰে 3 জন লোকক গ্ৰেপ্তাৰ কৰিছে ৷

লগতে পঢ়ক: 24 ঘণ্টাত তেজপুৰত বৃহৎ পৰিমাণৰ ধন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.