ETV Bharat / state

Duliajan Oil Well Gas Leak: দুলীয়াজানৰ ভয়ংকৰ গেছ নিৰ্গমণ ঘটনাৰ লগত জড়িত ৪ অভিযুক্তক আটক

দুলীয়াজানৰ দিৰিয়েল চাহ বাগিচাত সংঘটিত ভয়ংকৰ গেছ নিৰ্গমণ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ৪ জনক আটক ৷ তৈলখাদৰ X MASS TEE ৰ ওপৰৰ অংশ কৌশলেৰে কাটি নিয়াৰ ফলত ভয়ংকৰ বিস্ফোৰণটো সংঘটিত হোৱাৰ সন্দেহ ৷

author img

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 8:47 AM IST

Duliajan Oil Well Gas Leak
দুলীয়াজানৰ ভয়ংকৰ গেছ নিৰ্গমণ ঘটনাৰ লগত জড়িত ৪ অভিযুক্তক আটক

ডিব্ৰুগড়, ২৪ অক্টোবৰ: দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে তিনিটা দিন দুলীয়াজানৰ দিৰিয়েল চাহ বাগিচাৰ সমীপৰ গজালবস্তিত ভয়ংকৰ গেছ নিৰ্গমণ ঘটনাই দুলীয়াজানত আতংকময় পৰিবেশ সৃষ্টি কৰিছিল । এই ঘটনাই দেশজুৰি চৰ্চা লাভ কৰিছিল । কিয়নো তিনিটা দিন চেষ্টা কৰি অইলৰ কৰ্তৃপক্ষই প্ৰথম অৱস্থাত বিফল হৈছিল গেছ নিৰ্গমণ বন্ধ কৰাত । গেছ নিৰ্গমণ বন্ধ হোৱা পাচতেই এই ঘটনাক লৈ আৰম্ভ হৈছে তদন্ত ।

দুলীয়াজানৰ দিৰিয়েল চাহ বাগিচাৰ সমীপৰ গজালবস্তি অঞ্চলত অইলৰ তৈলখাদত সংঘটিত ঘটনাৰ আঁৰত এটা লোহা চুৰি চক্ৰ জড়িত থকাৰ কথা পোহৰলৈ আহিছে । সোমবাৰে দুলীয়াজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষী এটা দলে গোপন সূত্ৰৰ পম খেদি এটা লোহা চুৰি চক্ৰক আটক কৰিবলৈ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে মিঠু নায়ক, সঞ্জীৱ মুণ্ডা আৰু সঞ্জীত মুণ্ডা নামৰ তিনিটাকৈ চোৰৰ লগতে দুলীয়াজানৰ এটা ডেম্পৰ মালিক চাইফুল আলীক আটক কৰে ।

বৰ্তমান আৰক্ষীয়ে চোৰকেইটাক মাৰাথন জেৰা অব্যাহত ৰাখিছে । আৰক্ষীয়ে তৈলখাদৰ X MASS TEE ৰ ওপৰৰ অংশ চুৰকেইটাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, উক্ত চুৰি কাৰ্য সংঘটিত হোৱাৰ পিচৰে পৰা অইলৰ তৈলখাদত ভয়ংকৰ ঘটনা উদ্ভৱ হৈছিল । যাৰ ফলত প্ৰচণ্ড শব্দৰে অহৰহ নিৰ্গমণ হৈছিল প্ৰাকৃতিক গেছ, পানী, বালি আৰু ৰাসায়নিক দ্ৰব্য মিশ্ৰিত পদাৰ্থ ।

ইফালে ধৃত চোৰৰ দলটোৱে কিদৰে চুৰি কাৰ্য সংঘটিত কৰিছিল সমগ্ৰ ঘটনা আৰক্ষীক অৱগত কৰিছে বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে ধৃত চোৰৰ দলটোৰ বিৰুদ্ধে দুলীয়াজান আৰক্ষী থানাত ২৬৯/২০২৩ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: Oil spills in Duliajan : দুলীয়াজানত তেলখাদৰ বিস্ফোৰণস্থলীত তৃতীয় দিনাও ভয়ংকৰভাৱে নিৰ্গমণ হৈ আছে প্ৰাকৃতিক গেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.