ETV Bharat / state

নিবনুৱাৰ আশা পূৰণত ব্য়ৰ্থ "প্লাষ্টিক পাৰ্ক"

author img

By

Published : Jul 27, 2020, 3:14 AM IST

শ শ নিবনুৱাৰ আশাত চেঁচা পানী;এৰাবাৰীত পৰিণত গেছ ক্ৰেকাৰ প্ৰকল্পৰ ভটিয়নিউদ্যোগ "প্লাষ্টিক পাৰ্ক" ৷ অসমৰ থলুৱা নিযুক্তিৰে উদ্যোগীক বিকাশৰ প্ৰৱল সম্ভাৱনাময় প্লাষ্টিক পাৰ্কৰ বিষয়টোত গা এৰা মনোভাৱ চৰকাৰ তথা উদ্যোগ কৰ্তৃপক্ষৰ ৷

নিবনুৱাৰ আশা পূৰণত ব্য়ৰ্থ "প্লাষ্টিক পাৰ্ক"
নিবনুৱাৰ আশা পূৰণত ব্য়ৰ্থ "প্লাষ্টিক পাৰ্ক"

ডিব্ৰুগড়, 25 জুলাইঃ অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ কেঁচা তেজ বিনিময়ত প্ৰাণ পাই উঠা ডিব্ৰুগড়ৰ লেপেটকটাৰ "গেছ ক্ৰেকাৰ প্ৰকল্প"৷ ই কেৱল অসমত ৰাষ্ট্ৰীয় প্ৰকল্পৰ বা অসমৰ বৃহৎ উদ্যোগ হিচাপে প্ৰতিষ্ঠা লাভ কৰাটোৱেই সফলতা বুলি ধৰিব নোৱাৰি ৷

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড (BCPL) নামেৰে নামাংকৃত এই প্ৰকল্পৰ লগত জড়িত হৈ আছিল অসমীয়াৰ ত্যাগ তথা আৰ্থ-সামাজিক উন্নয়নৰ বৃহৎ দিশটোও ৷ কেন্দ্ৰৰ চকুত অৱহেলিত অসমীয়াই এই উদ্যোগৰ যোগেদি দেখিছিল স্ব-নিৰ্ভৰশীলতাৰ অযুত সপোন ৷ এই উদ্যোগ প্ৰতিষ্ঠাৰ যোগেদি বাৰম্বাৰ প্ৰতিশ্ৰুতিও দিয়া হৈছিল যে অসমৰ লাখ লাখ নিবনুৱাই গেছ ক্ৰেকাৰ প্ৰকল্পৰ যোগেদি লাভ কৰিব জীৱিকাৰ সন্ধান ৷ স্বাধীনোত্তৰ কালৰে পৰা কৰ্ম সংস্থাপনৰ বাবে হাহাকাৰ কৰি অহা অসমীয়া যুৱক যুৱতীৰ সেয়ে আবেগ জৰ্জৰিত প্ৰকল্প হৈ পৰিছিল গেছ ক্ৰেকাৰ ৷

মুখ্য প্ৰকল্প স্থলীত কৰ্মসংস্থাপনৰ লগতে মুখ্য উদ্দেশ্য আছিল ইয়াৰ ভটিয়নি উদ্যোগ ৷ প্ৰকল্পৰ পৰা উৎপাদিত পলিমাৰৰ যোগেদি বিভিন্ন প্লাষ্টিকৰ সামগ্ৰী স্থানীয় ভাৱে উৎপাদ কৰিব পৰাকৈ সৰু সৰু উদ্যোগ গঢ়াৰ ব্যৱস্থা কৰাৰ কথা দিয়া হৈছিল ৷ যাৰ সহায়তে সেই লাখ লাখ নিবনুৱাই সংস্থাপনৰ সুবিধা পোৱা কথা আছিল ৷

বিলাসী প্ৰচাৰেৰে প্ৰকল্পৰ উদ্বোধনৰ পৰলৈকে উল্লেখ কৰা হৈছিল প্লাষ্টিক পাৰ্কৰ কথা ৷ বহু আলোচনা, বিবেচনাৰ পাছত প্ৰকল্প নিৰ্মাণৰ সমান্তৰালকৈ আগবঢ়াই নিছিল চৰকাৰে প্লাষ্টিক পাৰ্ক প্ৰতিষ্ঠাৰ দিশটোয়ো ৷ যিহেতু ডিব্ৰুগড়ত গেছ ক্ৰেকাৰ প্ৰকল্প হৈছিল সেয়া তালৈ লক্ষ্য কৰি ডিব্ৰুগড়তে এই প্লাষ্টিক পাৰ্ক স্থাপনৰ বাবে পৰামৰ্শ আগবঢ়াইছিল বহু জন ৷ পৰিবহণ ব্যয় ৰাহি হোৱাৰ উদেশ্যৰে এই প্লাষ্টিক পাৰ্ক ডিব্ৰুগড়তেই হোৱাৰ কামনা কৰা হৈছিল ৷

কিন্তু চৰকাৰৰ দ্বাৰা তিনিচুকীয়া জিলাৰ গেলালিপুখুৰি অঞ্চলতহে নিৰ্মাণৰ সিদ্ধান্ত লোৱা হ'ল প্লাষ্টিক পাৰ্ক ৷ সেই অনুযায়ী প্ৰকল্প নিৰ্মাণৰ পূৰ্বেই অৰ্থাত ২০১১ চনৰ ১৫ ফেব্ৰুৱাৰীত তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰে প্লাষ্টিক পাৰ্কৰ ৷ প্ৰায় ১৫০০ বিঘাৰ বৃহৎ ভূমিৰ এলেকাটোত সৰ্বমুঠ ১০৪ টা ভটিয়নি উদ্যোগ গঢ় ল'ব পৰাকৈ ঠাই আছে ৷ তথ্য অনুসৰি ইয়াত বৰ্তমানলৈকে মাত্ৰ 3 টা উদ্যোগৰ বাবেহে আগ্ৰহী আগবাঢ়ি আহিছে কিন্তু এটাও উদ্যোগ বৰ্তমানলৈকে কাৰ্যক্ষম হৈ উঠা নাই ৷ ইতিমধ্যে চাৰিসীমাৰ পকী বেৰাৰে আবদ্ধ কৰি ৰখা বৃহৎ ভূমিত মুঠ ৩ টা বৃহৎ ইউনিট, ১৩ টা মধ্যম আৰু ৮৮ টা ক্ষুদ্ৰ ইউনিট গঢ় ল'ব পৰা ঠাই উপলব্ধ যদিও সুদীৰ্ঘ ৯ টা বছৰে হাবি বননি আৰু এৰাবাৰী সদৃশ পৰিৱেশত পৰি ৰৈছে তিনিচুকীয়াৰ এই প্লাষ্টিক পাৰ্কৰ ভূমি ৷

২০১৪ লৈকে এই পাৰ্কৰ নামত মুঠ ব্যয় ৯৪ কোটি খৰচ হৈছে ৷ ইফালে এইদৰেই একপ্ৰকাৰ গেছ ক্ৰেকাৰ প্ৰকল্পৰ ভটিয়নি উদ্যোগক লৈ জড়িত অসমীয়াৰ সংস্থাপনৰ বাট ৰুদ্ধ হৈ পৰিছে ৷

উল্লেখ্য যে গেছ ক্ৰেকাৰ কৰ্তৃপক্ষৰ প্লাষ্টিক পাৰ্কত ভটিয়নি উদ্যোগ গঢ় ল'ব পৰাকৈ উদ্যোগী গঢ়িবলৈ আগ্ৰহী লোকক পৰামৰ্শ, সুবিধা আৰু আন আনুষংগিক বিষয় সমূহ অৱগত কৰাৰ দ্বায়িত্বত আছে যদিও আজি পৰ্যন্ত তিনিচুকীয়া প্লাষ্টিক পাৰ্কত কোনো ভটিয়নি উদ্যোগে প্ৰাণ পাই উঠিব নোৱাৰা অৱস্থাটোৱে প্ৰকল্প কৰ্তৃপক্ষৰ গেছ ক্ৰেকাৰৰ পৰা ভটিয়নি উদ্যোগ গঢ় দিয়া তথা প্ৰকল্পৰ প্ৰতিশ্ৰুতি অনুযায়ী স্থানীয় নিবনুৱাক প্ৰকল্পৰ যোগেদি সংস্থাপিত কৰাৰ ক্ষেত্ৰত কিমান আগ্ৰহী তাৰ প্ৰকৃতি স্বৰূপ উদঙাই ৷

প্লাষ্টিক পাৰ্কৰ ক্ষেত্ৰত গেছ ক্ৰেকাৰ প্ৰকল্পৰ পৰা তেওঁলোকৰ কৰণীয় জানিবলৈ খোজাত ফোনযোগে মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰিয়েই, দ্বায়িত্ব সামৰে কৰ্তৃপক্ষই ৷ ই টিভি ভাৰতৰ সাংবাদিকে শেহতীয়াকৈ কেইবাবাৰো ফোন কৰি তেওঁলোকৰ কৰণীয় সন্দৰ্ভত কেমেৰাৰ সন্মূখত এটি সাক্ষাৎকাৰ বিচাৰাৰ পাচতো কৰ্তৃপক্ষই পলায়নবাদী মনোবৃত্তি প্ৰকাশ কৰি আহিছে ৷

এনেদৰেই চৰকাৰ আৰু গেছ ক্ৰেকাৰ কৰ্তৃপক্ষই গা এৰা দিয়া মনোভাৱেৰে এৰাই চলিছে অসমৰ থলুৱা নিযুক্তিৰে উদ্যোগীক বিকাশৰ প্ৰৱল সম্ভাৱনাময় প্লাষ্টিক পাৰ্কৰ বিষয়টো ৷

লগতে পঢ়কঃ দলগাঁৱত জুৱাৰীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত সাংবাদিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.