ETV Bharat / state

Clash Between AASAA and ATSA : লাহোৱালৰ সভাত দুই সংগঠনৰ তীব্ৰ সংঘাত

মটক চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা আদিবাসী ছাত্ৰ সন্থাৰ এখন সভাত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ সভাৰ মাজতে আদিবাসী ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মাজত তীব্ৰ সংঘাত সৃষ্টি হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

Tense Situation at Muttuck Tea Estate in Lahowal
উত্তপ্ত পৰিস্থিতি
author img

By

Published : Aug 19, 2023, 8:10 PM IST

আদিবাসী ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সংঘাত

ডিব্ৰুগড়, 19 আগষ্ট : আদিবাসী ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মাজৰ সংঘাত ক্ৰমাৎ তুংগত উঠিছে ৷ শনিবাৰে লাহোৱালৰ মটক চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা আদিবাসী ছাত্ৰ সন্থাৰ এখন সভাত দুয়োটা সংগঠনৰ মাজত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ সভাৰ মাজতে লাহোৱালত আদিবাসী ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মাজত তীব্ৰ সংঘাত সৃষ্টি হৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷

এই সভাত উপস্থিত আছিল আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগ ৷ অভিযোগ অনুসৰি প্ৰদীপ নাগে খিলঞ্জীয়াৰ বিৰুদ্ধে আগবঢ়োৱা মন্তব্যৰ বিৰোধিতা কৰি আটছাই সভা গৃহৰ চৌহদ উত্তাল কৰি তোলে ৷ চাহ জনগোষ্ঠীৰ মানুহক ভাগ ভাগ কৰি বৃহত্তৰ চাহ জনজাতি লোকসকলক বিপথে পৰিচালিত কৰি নিজৰ মাজত বিভেদ সৃষ্টি কৰিছে বুলি অভিযোগ তুলি অসম চাহ জনজাতি ছাত্ৰ সন্থাই সভাস্থলীত প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক : Public Protest in Bongaigaon :পথ মেৰামতিৰ দাবীত প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ

আটছাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক লাজা নন্দ, ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক লখিন্দৰ কুৰ্মীৰ উপস্থিতিত এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ বিষয়ববীয়া তথা কৰ্মীসকলে ৷ ইফালে আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগে আটছাৰ এই ভূমিকাত ক্ষুণ্ণ হৈ সভা ত্যাগ কৰে যদিও আদিবাসীসকলে নিজৰ প্ৰাপ্য অধিকাৰৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰে বুলি উল্লেখ কৰে ৷ আদিবাসীক কেতিয়াও চাহ জনগোষ্ঠীৰ লোক বুলি আমি নকওঁ বুলি স্পষ্ট কৰি দিয়ে প্ৰদীপ নাগে ৷

ঘটনাস্থলীত লাহোৱাল আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও এই ঘটনাৰ পাচতেই লাহোৱালত তীব্ৰ উত্তেজনাপূৰ্ণ পৰিবেশৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : AASU Protest in Moran : বৃহত্তৰ মৰাণ অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আছুৰ বিক্ষোভ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.