ETV Bharat / state

জটিল হৈ পৰিছে নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰত অৱস্থান কৰা অনশনকাৰীৰ অৱস্থা

author img

By

Published : Sep 10, 2022, 10:19 PM IST

অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অস্থায়ী ঠিকা শ্ৰমিকসকলে ৫ ছেপ্টেম্বৰৰ পৰা নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ (Namrup Thermal Project) মহাপ্ৰবন্ধকৰ কাৰ্যালয়ত আমৰণ অনশন অব্যাহত ৰাখিছে । এই প্ৰতিবাদী কাৰ্যসূচীয়ে ১২৫ ঘণ্টা অতিক্ৰম কৰাৰ পিছতো গুৰুত্ব দিয়া নাই ঊৰ্ধ্বতন কৰ্তৃপক্ষই ।

Bad health condition of protester at Namrup
জটিল নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰত অনশনকাৰীৰ অৱস্থা

মৰাণ, ১০ছেপ্টেম্বৰ: নামৰূপস্থিত অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অস্থায়ী ঠিকা শ্ৰমিকসকলে সাব্যস্ত কৰা আমৰণ অনশন কাৰ্যসূচীয়ে ১২৫ ঘণ্টা অতিক্ৰম কৰিলে (APGCL temporary workers protest)৷ বৰ্তমান সময়ত কেইবাজনো অনশনকাৰীৰ অৱস্থা শোচনীয় হৈ পৰিছে (Bad health condition of protester at Namrup) ৷ অনশনস্থলীতে ঢলি পৰে টিপু দাস গুপ্তা নামৰ এজন অনশনকাৰী (APGCL workers strike at Namrup) ।

শ্ৰমিকসকলে স্থায়ী নিযুক্তি নোহোৱা পৰ্যন্ত শক্তি উৎপাদন নিগমৰ অন্তভুৰ্ক্তকৰণ আৰু সমান কামৰ সমান অধিকাৰ নীতি প্ৰযোজ্য কৰিবলৈ ৫ ছেপ্টেম্বৰৰ পৰা নামৰূপ তাপবিদ্যুৎ প্ৰকল্পৰ (Namrup Thermal Project) মহাপ্ৰবন্ধকৰ কাৰ্যালয়ত আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰি আছে । অনশনৰ ১১২৫ ঘণ্টা পাৰ হোৱাৰ পাছতো ঊৰ্ধ্বতন কৰ্তৃপক্ষই কোনো সদুত্তৰ দিবলৈ সক্ষম হোৱা নাই ৷ আনহাতে, অস্থায়ী শ্ৰমিকসকলৰ স্থায়ী নিযুক্তি নোহোৱা পৰ্যন্ত শ্ৰমিকসকলক নিগমৰ অধীনস্থকৰণ আৰু সমান কামৰ সমান অধিকাৰ প্ৰদান নকৰা পৰ্যন্ত এই প্ৰতিবাদ চলি যাব বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে ।

ইপিনে, অসম শক্তি বিতৰণ কোম্পানীৰ অন্তৰ্গত নামৰূপ বৈদ্যুতিক উপ-সংমণ্ডল, জয়পুৰ উপ-সংমণ্ডলৰ নিয়ন্ত্ৰণ কক্ষৰ চুইছ ব'ৰ্ড অপাৰেটৰ(Swiss board operator of the control room of Jaipur) আৰু সহায়কসকলৰ মাজত হাহাকাৰ অৱস্থা(APDCL worker in trouble at Namrup)। আৰ্থিক সংকটত কৰ্মচাৰীসকল । পৰিয়াল পোহপাল দিয়াত ভীষণ সমস্যাৰ সন্মুখীন হৈছে কৰ্মচাৰীসকল(Financial crisis of Namrup APDCL worker)। দৰমহা নিয়মীয়া নোহোৱাত এতিয়া কৰ্মচাৰীসকল বিপদত পৰিছে ।

উল্লেখ্য যে অসম শক্তি বিতৰণ কোম্পানীৰ অধীনত থকা সময়ত চুইছ ব'ৰ্ড অপাৰেটৰসকলে মাহিলী ১৪,০০০ টকা আৰু সহায়ক কৰ্মচাৰীয়ে ১০,৮০০ টকা লাভ কৰি আহিছিল । কিন্তু ব'ৰ্ডে নিয়ন্ত্ৰণ কক্ষসমূহক ঠিকাদাৰৰ হাতলৈ অনাত বহু পৰিমাণে হ্ৰাস পাইছে তেওঁলোকৰ দৰমহা । ইফালে, দিন-ৰাতি একাকাৰ কৰি কাম কৰিব লগা হোৱাৰ পাছতো কৰ্মচাৰীসকলে দৰমহা নিয়মীয়াকৈ নোপোৱাৰ কথা উল্লেখ কৰিলে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক:অনলাইন গেমিংত এপৰ প্ৰবঞ্চনা: ইডিৰ অভিযানত উদ্ধাৰ ৮ কোটি টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.