ETV Bharat / state

তোলনীয়া পুত্ৰ নে বনকৰা ল’ৰা !

ডিব্ৰুগড়ৰ বগীবিল নাহৰণি গাঁৱত কিশোৰ নিৰ্যাতন (Abuse)ৰ ঘটনা ৷ 12 বছৰীয়া কিশোৰক নিজ বাসগৃহত বনকৰা হিচাপে ৰাখি এগৰাকী শিক্ষয়িত্ৰীয়ে অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন ৷ ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল নিৰ্যাতিত কিশোৰৰ পৰিয়ালৰ ৷

teenage boy abuse in dibrugarh
ডিব্ৰুগড়ত কিশোৰ নিৰ্যাতন
author img

By

Published : Jul 20, 2021, 9:58 PM IST

ডিব্ৰুগড়, 20 জুলাই : ডিব্ৰুগড় জিলাৰ বগীবিল নাহৰণি গাঁৱত মঙলবাৰে সংঘটিত হৈছে এক কিশোৰ নিৰ্যাতন (Abuse)ৰ ঘটনা ৷ ডিব্ৰুগড়ৰ এটা আভিজাত্য পৰিয়ালৰ বিৰুদ্ধে উত্থাপন হৈছে এই নিৰ্যাতন কাণ্ডৰ অভিযোগ ৷ অভিযোগ অনুসৰি, গাঁৱখনৰ এটি 12 বছৰীয়া কিশোৰক নিজ বাসগৃহত বনকৰা হিচাপে ৰাখি অমানুষিক নিৰ্যাতন চলাই আহিছে এগৰাকী শিক্ষয়িত্ৰীয়ে ৷ সমগ্ৰ ঘটনা নিজ মুখেৰে বৰ্ণনা কৰে কিশোৰটিয়ে ৷

ভুক্তভোগী কিশোৰটিৰ পৰিয়ালে সদৰী কৰা মতে, বিগত তিনি মাহৰ পূৰ্বে কিশোৰটিক তোলনীয়া পুত্ৰ হিচাপে লৈ গৈছিল বগীবিল মধ্য ইংৰাজী বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীয়ে ৷ শিক্ষয়িত্ৰীগৰাকীৰ স্বামীৰ চাকৰি সূত্ৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আৱাসগৃহত থকা শিক্ষয়িত্ৰীগৰাকীয়ে কিশোৰটিক চলাইছিল অকথ্য নিৰ্যাতন । কিশোৰটিক চোকা অস্ত্ৰ, লোহা, বাঁহৰ লাঠীৰে আক্ৰমণ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে কিশোৰটিৰ পৰিয়ালে ৷

তোলনীয়া পুত্ৰ হিচাপে লৈ গৈ কিশোৰটিক বনকৰা ল’ৰাৰ দৰে কাম কৰিবলৈ আদেশ দিছিল শিক্ষয়িত্ৰীগৰাকীয়ে । কেৱল সেয়াই নহয়, কিশোৰটিক হত্যা কৰি শৌচাগাৰৰ টেংকত ভৰাই থোৱাৰো ভাবুকি প্ৰদান কৰা হৈছিল ৷ ইফালে দুদিন ধৰি কিশোৰটিক বাথৰুমত সোমাই ৰখাৰ কথাও পোহৰলৈ আহিছে ।

ডিব্ৰুগড়ত কিশোৰ নিৰ্যাতন

ইমানদিনে অমানুষিক নিৰ্যাতন চলোৱাৰ পাচত তিনিদিন পূৰ্বে কিশোৰটিৰ বগীবিলৰ ঘৰত আহিছিল অভিযুক্ত শিক্ষয়িত্ৰীগৰাকীয়ে । ঘটনাৰ সন্দৰ্ভত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে কিশোৰটিৰ পৰিয়ালৰ লোকে । এই এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে ৷

দেশৰ লগতে ৰাজ্যত নিৰ্যাতনে ভয়ংকৰ ৰূপ লোৱা পৰিলক্ষিত হৈছে ৷ শিশু নিৰ্যাতনৰ পৰা আৰম্ভ কৰি বোৱাৰী নিৰ্যাতন, যৌন নিৰ্যাতন এতিয়া প্ৰচলিত ঘটনাৰ লেখীয়া হৈ পৰিছে ৷ চৰকাৰে এই নিৰ্যাতনৰ বিৰুদ্ধে পৃথকে পৃথকে আইন বলৱৎ কৰিছে যদিও আইনক যেন কেৰেপেই নকৰে নিৰ্যাতনকাৰীসকলে ৷ ইয়াৰ বিপৰীতে প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে এই নিৰ্যাতনৰ ঘটনা ৷

লগতে পঢ়ক : ভাৰত ভূটান সীমান্তত সংঘটিত হ’ল মানৱ সৰবৰাহৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.