ETV Bharat / state

শতিকা পুৰণি বিদ্যালয়ত জৰাজীৰ্ণ টিনপাতৰ তলত পাঠদান

author img

By

Published : Sep 17, 2022, 10:12 AM IST

Updated : Sep 17, 2022, 11:39 AM IST

ৰাজ্যৰ বেচৰকাৰী শিক্ষাখণ্ডৰ উন্নয়নৰ বিপৰীতে চৰকাৰী শিক্ষাখণ্ডৰ উন্নয়নৰ পুতৌ লগা ছবি দেশে স্বাধীনতা লাভ কৰাৰ বহু বছৰ পূৰ্বে স্থাপিত এখন বিদ্যালয়ৰ শোচনীয় অৱস্থাই উদঙাইছে ৰাজ্যৰ শিক্ষাব্যৱস্থাৰ প্ৰকৃত স্বৰূপ(Pathetic condition of assm govt education sector) ।

teaching-under-melted-tin-in-a-century-old-school-in-dibrugarh
শতিকা পুৰণি বিদ্যালয়ত জৰাজীৰ্ণ টিনপাতৰ তলত পাঠদান

ডিব্ৰুগড়,17 ছেপ্টেম্বৰ: পৰিৱৰ্তনকামী চৰকাৰৰ দিনত উৱলি যোৱা টিনপাতৰ তলতেই পাঠদান কৰিবলগীয়া হৈছে বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীয়ে ৷ ১৮৯৭ চনতেই প্ৰতিষ্ঠা লাভ কৰা ঐতিহ্যমণ্ডিত ডিব্ৰুগড় জিলাৰ লৰুৱা মৌজাৰ অন্তৰ্গত পানীমিৰি গাঁও প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থাই এতিয়া চকু কপালত তুলিছে সচেতন ৰাইজৰ । উৱলি যোৱা টিনপাতৰ তলতেই পাঠদান কৰিবলগীয়া হৈছে বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলে ।

শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন অনা বুলি দাবী কৰি অহা বিজেপি চৰকাৰখনৰ শাসনকালত বিদ্যালয়খনত ৯৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষক মাত্ৰ দুজন ৷ বৰবৰুৱা শিক্ষাখণ্ড বিষয়া কাৰ্যালয়ত বাৰম্বাৰ আবেদন কৰাৰ পিছতো কোনো সুফল আদায় কৰিব পৰা নাই বিদ্যালয়খনে ।

চৰকাৰী শিক্ষাখণ্ডৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ বাবে গুণোৎসৱ অনুষ্ঠিত কৰি অহা চৰকাৰখনৰ দিনত শতক গৰকা এই বিদ্যালয়খনত এটা কোঠাতে শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে তিনিটা শ্ৰেণীয়ে(Assam Gunotsav) ৷ যিয়ে বিদ্যালয়খনৰ সুষ্ঠ পৰিৱেশ গঢ় দিয়াত বাধাৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে ।

বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নীতকৰণৰ দাবী জনায় বিদ্যালয় কৰ্তৃপক্ষই সংশ্লিষ্ট বিভাগৰ সৈতে কেইবাবাৰো যোগাযোগ কৰিছে যদিও কোনো কামত অহা পৰিলক্ষিত হোৱা নাই বুলি জনায় বিদ্যালয় কৰ্তৃপক্ষই ৷

সমগ্ৰ বিষয়টোত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী তুলিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে অঞ্চলটোৰ সচেতন নাগৰিকে(Assam CM Himanta Biswa Sarma) । বিদ্যালয় উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ন ন আঁচনি ৰূপায়ণৰ কথা ঘোষণা কৰাৰ সময়তে শতক গৰকা এখন বিদ্যালয়ৰ জৰাজীৰ্ণ আন্তঃগাঁথনিয়ে ৰাজ্যৰ শিক্ষাব্যৱস্থাৰ প্ৰকৃত ছবিখন উদঙাই দেখুৱাইছে ৷

লগতে পঢ়ক: কোন দিশে চৰকাৰী খণ্ডৰ বিদ্যালয় ?

Last Updated : Sep 17, 2022, 11:39 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.