নিউজ ডেস্ক, 5 ছেপ্টেম্বৰ : আজি শিক্ষক দিৱস (Teachers day 2022)। ভাৰত বৰ্ষৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি, দ্বিতীয় ৰাষ্ট্ৰপতি, শিক্ষাবিদ তথা ভাৰত ৰত্ন ড৹ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ ওপজা দিন উপলক্ষ্যে দেশৰ লগতে ৰাজ্যৰ ভিন্ন শিক্ষানুষ্ঠানত আয়োজন কৰা হয় বৰ্ণাঢ্য কাৰ্যসূচী (Birth anniversary of Radhakrishnan)।
অসম চিকিৎসা মহাবিদ্যালয়ত মহাৰজত জয়ন্তী বৰ্ষৰ লগতে শিক্ষক দিৱস উপলক্ষে আয়োজন কৰা হয় ‘‘শিক্ষাগুৰু সন্মান সমাৰোহ’’ (Teachers day celebration at AMCH)। AMCH ৰ জন বেৰী হোৱাইট প্ৰেক্ষাগৃহত অনুষ্ঠিত এই শিক্ষাগুৰু সন্মান সন্মিলনত চিকিৎসা মহাবিদ্যালয়খনৰ শিক্ষক তথা জ্যেষ্ঠ চিকিৎসকসকলক বিশেষ সন্মান জনোৱা হয় ।
![Teachers day 2022](https://etvbharatimages.akamaized.net/etvbharat/prod-images/kalgachiateachersday_05092022152029_0509f_1662371429_610.jpeg)
অনুষ্ঠানত চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰতিটো বিভাগৰ মূৰব্বী চিকিৎসকৰ লগতে জ্যেষ্ঠ কনিষ্ঠ চিকিৎসকসকল উপস্থিত থাকে । উক্ত অনুষ্ঠানত অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰায় ৬০ গৰাকী, গুৱাহাটীত প্ৰায় ১০০ গৰাকী আৰু যোৰহাটত প্ৰায় ১০ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জনোৱা হয় ।
বিগত বৰ্ষসমূহৰ দৰে এই বছৰো মহানগৰীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ত শিক্ষক দিৱস উদযাপন কৰা হয় (Teachers day celebration at AJB)। এই উপলক্ষে অযোজিত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল প্ৰফেছাৰ জগদীশ মুখী । দিনৰ প্ৰায় ১১:৩০ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত হোৱা ৰাজ্যপালগৰাকীক স্কাউট গাইডৰ লগতে গায়ন-বায়নেৰে মঞ্চলৈ আদৰণি অনা হয় ।
![Teachers day 2022](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-04to08-5sep-teacher-day-visbitephoto-as10038_05092022143640_0509f_1662368800_796.jpg)
লগতে পঢ়ক : বিহংগম দৃষ্টিত শিক্ষক দিৱস আৰু অসমৰ শিক্ষক সমাজ
প্ৰতিবছৰ শিক্ষক দিৱসৰ দিনা অসম জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা অসমৰ এগৰাকী বিশিষ্ট শিক্ষাগুৰুক সন্মান জনোৱা হয় । এই বৰ্ষত কটন মহাবিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ড৹ তাৰকেশ্বৰ চৌধুৰীক অসম জাতীয় বিদ্যালয় তৰফৰ পৰা কৃৰ্তী শিক্ষক হিচাপে সম্বৰ্ধনা জনোৱা হয় ।
![Teachers day 2022](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dhing-01-5sep-theacerday-asc10013_05092022143145_0509f_1662368505_707.jpg)
ইফালে আমগুৰিৰ নীলাক্ষি মেম’ৰিয়েল একাডেমীৰ লগতে লগতে মৰিগাঁও জিলাতো কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয় শিক্ষক দিৱসৰ বিভিন্ন কাৰ্যসূচীৰ ৷ মৰিগাঁৱত আয়োজিত শিক্ষক দিৱসৰ এই অনুষ্ঠানত জিলা খনৰ ৪৬ গৰাকী কৃৰ্তী আৰু জ্যেষ্ঠ শিক্ষকক সম্বৰ্ধনা জনোৱা হয় (Teachers day celebration in Morigaon) ৷
![Teachers day 2022](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dhing-01-5sep-theacerday-asc10013_05092022143145_0509f_1662368505_172.jpg)
আনহাতে, বৰপেটা জিলা পুথিভড়ালত জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা শিক্ষক দিৱসৰ কাৰ্যসূচীত ৯ গৰাকী কৃৰ্তী শিক্ষকক সম্বৰ্ধনা জনোৱাৰ লগতে ৩ গৰাকী শিক্ষকক বিশেষভাৱে সম্বৰ্দ্ধিত কৰা হয় ৷ মাজুলী জিলা শিক্ষা বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত উত্তৰ কমলাবাৰী সত্ৰৰ সাস্কৃতিক ভৱনতো আয়োজিত কৰা হয় শিক্ষক দিৱসৰ বিশেষ কাৰ্যসূচী ৷
লগতে পঢ়ক : আজি শিক্ষক দিৱস: শিক্ষকসকল দেশৰ সৰ্বশ্ৰেষ্ঠ মন হ'ব লাগে- ৰাধাকৃষ্ণন
উক্ত অনুষ্ঠানত মাজুলী জিলাৰ ৭ গৰাকী আৰু যোৰহাটৰ ৫ গৰাকী কৃৰ্তী শিক্ষক সম্বৰ্দ্ধনা জনোৱা হয় (Teachers day celebration in Majuli) ৷ লগতে উক্ত অনুষ্ঠানতে দুখন বিদ্যালয়ক শ্ৰেষ্ঠ বিদ্যালয়ৰ সন্মান জনোৱা হয় । ইফালে আজিৰ এই পবিত্ৰ দিনটোত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ১৯৭৮ বৰ্ষৰ উচ্চ মাধ্যমিক প্ৰাক্তন ছাত্ৰসকলৰ সৌজন্যত দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় শিক্ষক দিৱসৰ কাৰ্যসূচী ৷
![Teachers day 2022](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dhing-01-5sep-theacerday-asc10013_05092022143145_0509f_1662368505_266.jpg)
এই অনুষ্ঠানতে বিদ্যালয়ৰ শিক্ষকসকলক সম্বৰ্ধনা জনোৱাৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ জিৰণি কোঠাৰ উন্নীতকৰণ এক কাৰ্যসূচীও শুভাৰম্ভণি কৰে । গুৱাহাটী, ডিব্ৰুগড়, শিৱসাগৰৰ লগতে বৰপেটাৰ স্থানীয় তৰুণ ৰাম ফুকন প্ৰেক্ষাগৃহত প্ৰজ্ঞা ফাউণ্ডেচনৰ তৰফৰ পৰা গুৰু পূজন কাৰ্যসূচীৰ আয়োজন কৰা হয় (Teachers day celebration in Sivsagar) ৷
![Teachers day 2022](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dhing-01-5sep-theacerday-asc10013_05092022143145_0509f_1662368505_343.jpg)
ইফালে কলগাছিয়াৰ ফকৰুদ্দিন আলী আহমেদ একাডেমী, টীয়কৰ চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়তো আয়োজন কৰা হয় শিক্ষক দিৱসৰ এই বিশেষ কাৰ্যসূচী ৷ আনহাতে, শিক্ষক দিৱসৰ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমগুৰিৰ নামতি চাৰি আলি হাইস্কুলত ‘‘ফ্ৰেণ্ডছ এগ্ৰ’ চেলফ হেল্প গ্ৰুপ’’ৰ সদস্যসকলে গছপুলি ৰোপনৰ এক বিশেষ কাৰ্যসূচী ৰূপায়ন কৰে ৷
লগতে পঢ়ক : ৰাজ্যত গঢ়ি তোলা হ’ব ৪ হাজাৰখন অত্যাধুনিক বিদ্যালয়