ডিব্ৰুগড়, 15 আগষ্টঃ ডিব্ৰুগড় জিলাৰ টিংখাঙত পেটত গামোচা মাৰি উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা ৷ ক'লা বেজ পৰিধান কৰি অংশ গ্ৰহণ ছাত্ৰ-ছাত্ৰী ৷ সমগ্ৰ দেশতে উলহ-মালহেৰে উদযাপন হয় ৭৩ সংখ্যক স্বাধীনতা দিৱস। চৰকাৰী বে-চৰকাৰী সকলোবোৰ অনুষ্ঠান-প্ৰতিষ্ঠানত উলহ-মালহৰে পালন কৰে স্বাধীনতা দিৱস ।কিন্তু তাৰ এক বিপৰীত দৃশ্য দেখা গল ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এখন বিদ্যালয়ত । টিংখাঙৰ সাৰ্বজনীন মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদী কাৰ্যসূচীৰ মাজেৰে ৰূপায়ন কৰে ৭৩ তম স্বাধীনতা দিৱসৰ কাৰ্যসূচী। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে পেটত গামোচা মাৰি উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা। পতাকা উত্তোলনৰ পাচতে শিক্ষক , ছাত্র-ছাত্ৰী সকলে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষা বিভাগৰ বিৰুদ্ধে ।
উল্লেখযোগ্য যে, ১৯৯২ চনত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনত বৰ্তমান ৯০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে ৬ জন শিক্ষক- শিক্ষয়িত্ৰী। সুদীৰ্ঘ বছৰে বিনা বেতনে মানৱ সম্পদ গঢ় দিয়াত বৰ্তী হৈ থকা শিক্ষক-শিক্ষয়িত্ৰী সকলে চৰকাৰে বিদ্যালয়খন আজিলৈকে প্ৰাদেশিকৃত নকৰাৰ ক্ষোভত এনেদৰে পেটত গামোচা মাৰি প্ৰতিবাদ সাব্যস্ত কৰে। এতিয়া প্ৰশ্ন হয় শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই অ-প্ৰাদেশিকৃত শিক্ষক আৰু বিদ্যালয় সমূহ প্ৰাদেশিকৃত কৰা ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয় ।