মৰাণ,1 আগষ্টঃ মৰাণৰ এগৰাকী শিক্ষকে নিজৰ কষ্টোপাৰ্জিত ধনেৰে পাঁচটা বছৰে নিৰ্মাণ কৰি আহিছে মৰাণ সমষ্টিৰ এখন দলং ৷ শিক্ষকগৰাকীৰ মহানুভৱতাৰ ফলতে এতিয়া বাৰিষাৰ ভৰা নৈ পাৰ হৈ নিজৰ গন্তব্য স্থানলৈ যাবলৈ সক্ষম হৈছে অঞ্চলটোৰ চাৰি পাঁচখন গাঁৱৰ ৰাইজ ৷ ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত নাহৰণি কৰ্দৈগুৰি সংযোগী পথত ডিমৌ নৈৰ ওপৰত আছে এই বিশেষ বাঁহৰ দলংখন | এতিয়া এই বাঁহৰ দলংখনেই অঞ্চলটোৰ চাৰি-পাঁচখন গাঁৱৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ ভৰসা | কিন্তু বহু আবেদন-নিবেদনৰ পাছতো যুগ যুগ ধৰি এখন পকী দলং নিৰ্মাণৰ ব্যৱস্থা নকৰিলে চৰকাৰ তথা জনপ্ৰতিনিধিয়ে ৷
ৰজাঘৰীয়াৰ উপেক্ষা দেখি ৰাইজৰ সেৱাৰ বাবে আগবাঢ়ি আহিল স্থানীয় জিন্টু চেতিয়া নামৰ শিক্ষকজন ৷ খোৱাং বাহনি পথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক জিন্টু চেতিয়াই বিগত পাঁচ বছৰ ধৰি প্ৰতি বছৰেই ঘৰৰ বাঁহ-কাঠ, গাঁঠিৰ ধন ভাঙি দলংখন মেৰামতি কৰি আহিছে | দলঙৰ সিপাৰে থকা নাহৰণি গাঁও পঞ্চায়তৰ কাৰ্যালয়, সমবায় দোকান, দুখনকৈ বিদ্যালয়, নাহৰণি সাপ্তাহিক বজাৰলৈ অহা-যোৱাৰ একমাত্ৰ অৱলম্বন এই বাঁহৰ দলংখন | কিন্তু ৰজাঘৰীয়া ৰ হেমাহিত যুগ যুগ ধৰি স্থায়ী ভাৱে নিৰ্মাণ নহ'ল দলংখন ৷ শিক্ষক জিন্টু চেতিয়াৰ একক প্ৰচেষ্টাৰে দলংখন নিৰ্মাণ কৰি সকাহ দি আহিছে ৰাইজক ৷ কিন্তু কিমান দিনলৈ নিজৰ টকাৰে ৰাজহুৱা কাম কৰিব ৰাইজে ৷ ৰাইজৰ প্ৰশ্ন,পৰিৱৰ্তনৰ শ্ল'গানৰে ৰাজপাট দখল কৰা জনপ্ৰতিনিধিৰ চকুত পৰিবনে এই দলংখন ।
লগতে পঢ়কঃএগৰাকী প্ৰচাৰবিমুখ নিপুন ভাস্কৰ্য শিল্পী