ETV Bharat / state

Rape in Dibrugarh : অসৎ কামনা চৰিতাৰ্থ কৰাৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে, গোচৰ ৰুজু

author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 10:23 AM IST

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত ধৰ্ষণৰ ঘটনা ৷ ঘৰত বনকৰা কৰ্মী হিচাপে থকা যুৱতীক গৰ্ভৱতী কৰোৱাৰ অভিযোগ ঘৰৰ গৰাকী তথা শিক্ষকৰ বিৰুদ্ধে ৷ চাচনী আৰক্ষী চকীত গোচৰ ৰুজু ৷

Teacher accused of rape in Dibrugarh
অসৎ কামনা চৰিতাৰ্থ কৰাৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে
নাহৰকটীয়াত ধৰ্ষণৰ ঘটনা

ডিব্ৰুগড়, 30 ছেপ্টেম্বৰ: দেশ তথা ৰাজ্যত ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা ৷ পুনৰ অসাধু কৰ্মৰ সৈতে শিক্ষক জড়িত থকাৰ অভিযোগ ৷ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত সংঘটিত হৈছে এই ঘটনা । নাহৰকটীয়া চাচনীৰ এজন শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হোৱা এক অভিযোগে লজ্জানত কৰিছে শিক্ষক সমাজক ।

নাহৰকটীয়াৰ চাচনী বাঁহধাৰী মধ্য ইংৰাজী বিদ্যালয়ত কৰ্মৰত এজন শিক্ষকে নিজ ঘৰৰ সহায়কাৰী ছোৱালী এগৰাকীৰ সৈতে অসৎ কামনা চৰিতাৰ্থ কৰাৰ অভিযোগ তুলিছে ভুক্তভোগী পৰিয়ালে । উত্থাপিত অভিযোগ অনুসৰি, নিজ ঘৰত বনকৰা মূকবধিৰ যুৱতী এগৰাকীক টকাৰ প্ৰলোভন দি অসৎ কামনা পূৰণ কৰি আহিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে শিক্ষক বেণুধৰ চুতীয়াই ।

পিছে এই ঘটনা পোহৰলৈ অহাত এতিয়া ৰঙাঘৰৰ আলহী হ'ল অভিযুক্ত শিক্ষকগৰাকী । উল্লেখ্য যে, চাচনীৰ 32 বছৰীয়া এগৰাকী মূকবধিৰ যুৱতী বনকৰা কৰ্মী হিচাপে কৰ্মৰত হৈ আছিল চাচনী 1 নং দলামুৰী গাঁৱৰ বাসিন্দা বেণুধৰ চুতীয়াৰ ঘৰত আৰু সুযোগ বুজিয়েই টকাৰ প্ৰলোভনেৰে যুৱতীগৰাকীৰ সৈতে অসৎ কামনা চৰিতাৰ্থ কৰি আহিছিল বুলি অভিযোগ তুলিছে ভুক্তভোগী পৰিয়ালটোৱে ।

মূকবধিৰ যুৱতীগৰাকী গৰ্ভৱতী হোৱাৰ পিচতহে পৰিয়ালৰ লোক চিন্তাত পৰে আৰু পৰিয়ালৰ লোকে অনুসন্ধান কৰাত পোহৰলৈ আহে এই কু-কৰ্মৰ কথা । ইতিমধ্যে শুকুৰবাৰে চাচনী আৰক্ষী চকীয়ে 79/23 নম্বৰ গোচৰৰ অধীনত অভিযুক্ত শিক্ষক বেণুধৰ চুতীয়াক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে ।

ইফালে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ লগতে যুৱতীগৰাকীক ক্ষতিপূৰণ প্ৰদানৰ দাবী কৰিছে ।

লগতে পঢ়ক: Assamese girl rescued in Haryana:বৰপেটাৰোডৰ নিৰুদ্দিষ্ট যুৱতী হাৰিয়ানাত উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.