ETV Bharat / state

প্ৰাপ্য বোনাচৰ দাবীত চাহ কোম্পানীত শ্ৰমিকৰ ধৰ্ণা - atsa

ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ মদাৰখাত চাহ কোম্পানীত প্ৰাপ্য বোনাচৰ দাবীত চাহ শ্ৰমিকৰ ধৰ্ণা ৷ পৰিচালকৰ যোগেদি স্বত্বাধিকাৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ ৷

tea-workers-protest-for-bonus
প্ৰাপ্য বোনাচৰ দাবীত চাহ কোম্পানীত শ্ৰমিকৰ ধৰ্ণা
author img

By

Published : Oct 9, 2021, 10:08 PM IST

মৰাণ, 9 অক্টোবৰ : আগন্তক দূৰ্গা পূজাৰ আগে আগে টেঙাখাতৰ বহু কেইখন চাহ বাগিচাৰ চাহ শ্ৰমিক সকলে ২০% বোনাচ লাভ কৰাৰ বিপৰীতে টেঙাখাতৰ মদাৰখাত চাহ কোম্পানীৰ অধীনস্থ পাৰ্বতিপুৰ, লাহোৱাল বাৰী আৰু সদাশিৱ চাহ বাগিচাত আজি পৰ্যন্ত শ্ৰমিক সকলে প্ৰাপ্য বোনাচ লাভ কৰা নাই ৷ এই ক্ষেত্ৰত ক্ষোভিত হৈ অসম চাহ জনজাতি ছাত্ৰ সন্থা (আট্‌ছা )ৰ টেঙাখাত শাখা সমিতিৰ নেতৃত্বত প্ৰায় ৩ শতাধিক চাহ শ্ৰমিকে বিভিন্ন ধৰণৰ শ্লগানেৰে বাগিচা কাৰ্য্যালয়ৰ প্ৰবেশ দ্বাৰত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷

প্ৰাপ্য বোনাচৰ দাবীত চাহ কোম্পানীত শ্ৰমিকৰ ধৰ্ণা

ধৰ্ণা কাৰ্যসূচীত টেঙাখাত আট্‌ছাৰ সভাপতিকে ধৰি অনান্য কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয়ববীয়া সকলে অতিশীঘ্ৰে চাহ শ্ৰমিকৰ সমস্যা সমূূহ সমাধান কৰিবলৈ দাবী জনায় ৷ অন্যথা, চাহ শ্ৰমিক সকলৰ স্বাৰ্থত অবিৰত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰা হ’ব বুলিও উল্লেখ কৰে তেওঁ ৷ ইয়াৰ পিছতে, বাগিচা কেইখনৰ শ্ৰমিক সকলক দূৰ্গা পূজাৰ আগেয়ে ১৫ % বোনাচ একেটা কিস্তিত প্ৰদান কৰিবলৈ দাবী জনাই টেঙাখাত শাখাৰ সভাপতি তিলক খালখে আৰু ভাৰপ্ৰাপ্ত সম্পাদক ৰবাৰ্ট ভূঞা স্বাক্ষৰিত এখন স্মাৰক পত্ৰ পৰিচালকৰ যোগেদি স্বত্বাধিকাৰীলৈ প্ৰেৰণ কৰা হয় ৷

ইয়াৰ লগতে, দাবী কাৰ্য্যকৰী নহ’লে শ্ৰমিক সকলৰ স্বাৰ্থত তেওঁলোকে অবিৰত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ আট্‌ছা বাধ্য হ’ব বুলি উল্লেখ কৰে ।

লগতে পঢ়ক : বজাৰত লাগিছে জুই : দুদিনতেই 25 টকা বৃদ্ধি পালে পিয়াজৰ মূল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.